বিজেপিক ২০২৪ত প্ৰতিৰোধৰ লক্ষ্যৰে অসমত আকৌ এবাৰ গঠন হ'ল মহাজোঁট ৷ ২০২১ত বিজেপিক ৰুধিবলৈ গঠন হোৱা মহাজোঁটত আছিল AIUDF, বাঁওদল, বিপিএফ,আঞ্চলিক গণ মৰ্চা ৷ '২১ৰ নিৰ্বাচনত বিশেষ সফলতা নোপোৱা মহাজোঁটৰ পিছত চাৰিটা সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছক সমৰ্থন দিছিল অসম জাতীয় পৰিষদে ৷ এইবাৰ বিপিএফ, AIUDFএই মহাজোঁটত নাই ৷ ২০১৯ৰ লোকসভাত আৰু ২০২১ৰ বিধানসভাত কংগ্ৰেছৰ লগত থকা AIUDFৰ মতে মহাজোঁট ফ্লপ হ'ব ৷
"এটা বীগ জিৰ' হ'ব এই মহাজোঁট ৷ এই মহাজোঁটত থকা সকলো সভাপতিৰ নাম কোনোবাই ক'ব পাৰিবনে? কাক লগত লৈছে কংগ্ৰেছে, লুৰিণজ্যোতি গগৈক! লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ বিৰোধিতা কৰি কি লাভ ৷ ত্ৰিপুৰাত তিপ্ৰামথাৰ হৈ প্ৰচাৰ চলালে, সেই দল দেখোন এতিয়া বিজেপিৰ মিত্ৰদল দেখোন৷ অজিত কুমাৰ ভূঞাৰ কথা কি ক'ম ৷ AIUDF নহ'লে সাংসদেই হ'ব নোৱাৰিলেহেঁতেন৷ এতিয়া আকৌ আমাক সাম্প্ৰদায়িক বুলিবলৈ আহে৷ অখিল গগৈ অহাবাৰ বিধায়ক হৈ দেখুৱাওক চাম ৷ অখিল ACCIDENTAL MLAহে ৷" —কৰিমুদ্দিন বৰভূঞাই কয় এইদৰে।
এই মহাজোঁটক লৈ প্ৰতিক্ৰিয়াৰে সৰৱ হৈছে বিজেপিও ৷ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই AIUDFৰ বিধায়কগৰাকীৰ সুৰতে ক'লে, "কংগ্ৰেছ মহাজোঁট এটা শূন্যহে ৷ শূন্যৰ লগত যুঁজি থাকি সময় নষ্ট নকৰোঁ আমি ৷"
মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে, "কৌৰৱৰ এশজন, পাণ্ডৱৰ পাঁচজনেই ৷ অখিল গগৈ-লুৰিণজ্যোতি গগৈ ভূপেন বৰাৰ পাম্প। এই দুজনৰ পাম্প লৈহে চলি আছে বৰা ৷"
হোটেল লিলিত কংগ্ৰেছৰ নেতৃত্বত বিজেপিক প্ৰতিহত কৰিবলৈ একত্ৰিত হোৱা ৰাজনৈতিক দলৰ এই মহাজোঁটক লৈ এনেকৈয়ে সৰৱ হৈছে ইজনৰ পিছত সিজন বিজেপি নেতা ৷ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাও সমালোচনাৰে মুখৰ হ'ল এই মহাজোঁটৰ বিৰুদ্ধে ৷ জয়ন্ত মল্ল বৰুৱাই ক'লে- বিজেপিৰ যুঁজ এটা বিশেষ সম্প্ৰদায়ৰহে৷ বিজেপিক নালাগে এটা বিশেষ সম্প্ৰদায়ৰ ভোট৷ বদৰুদ্দিন আজমলৰ বাস্কেটৰ ভোটো নালাগে বিজেপিক ৷
কংগ্ৰেছৰ নেতৃত্বৰ এই মহাজোঁটক লৈ AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ ক'লে, কংগ্ৰেছ বিজেপিৰ 'ডাইৰেক্ট টীম', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিজেপিক সহায় কৰিবলৈ গঠন হৈছে মহাজোঁট ৷
এই সকলোবোৰ শুনি কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই দিলে প্ৰত্যুত্তৰ৷ পীয়ূষ হাজৰিকাই কোৱা পাণ্ডৱ কোন ক'লে কমলাক্ষই ৷ পাণ্ডৱ হেনো পীয়ূষ হাজৰিকা, মুখ্যমন্ত্ৰীকে ধৰি নিৰ্দিষ্ট দুজনমানহে ৷ কংগ্ৰেছক লৈ চিন্তা কিয় হৈছে বুলি সুধিলে AIUDFক।
Published by: Gautam Barman
FIRST PUBLISHED : March 12, 2023, 18:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।