ৰাজ্যত এতিয়া উপ–নিৰ্বাচনৰ বতৰ। বজালী জিলাৰ ভৱানীপুৰত আজি কংগ্ৰেছ দলৰ এখন বিশাল উপ–নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছ দলৰ এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে ভৱানীপুৰ বিধানসভা সমষ্টিৰ দলৰ প্ৰাৰ্থী শৈলেন্দ্র নাথ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
সভাত অংশগ্রহণ কৰি কংগ্ৰেছ দলৰ এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙে কয়– ''বিজেপিয়ে ভৱানীপুৰত এগৰাকী ভূ-মাফিয়াক টিকট দিছে। আমাৰ দৃষ্টিত ৰাজ্যৰ মুখ্যমন্ত্রী এইক্ষেত্ৰত হতাশাগ্রস্ত। ভাৰতীয় জনতা পার্টিয়ে ইউপিপিএল, বিপিএফ আৰু এআইইউডিএফ দলকেইটাক কিনি লৈছে। একমাত্র কংগ্ৰেছ দলেই থিয় হৈ আছে অসমখন বচাবলৈকে।''
সভাত অংশগ্রহণ কৰি কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই সাংবাদিকৰ আগত কয়– ''ভৱানীপুৰ সমষ্টিৰ ৰাইজে দুজন সন্তানক হেৰুৱাইছে। এজন অসম আন্দোলনৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু আনজন "কা" আন্দোলনৰ শ্বহীদ আব্দুল আলিম। এই দুজন শ্বহীদক হেৰুওৱা ৰাইজে কেতিয়াও এজন মাটিৰ দালালক নিজৰ নেতা নসজায়।''
সমষ্টিটোৰ ৰাইজে অসমৰ নতুন প্রজন্মক নীতিহীন, আদৰ্শহীন আৰু ত্যাগহীন লোকৰ ৰাজনীতিত যে কোনো স্থান নাই, সেয়া বুজাই দিব বুলি উল্লেখ কৰে তেওঁ। নিৰ্বাচনী প্ৰচাৰ সভাত বৰপেটা লোকসভাৰ সাংসদকে ধৰি কেইবাগৰাকীও দলীয় নেতাই অংশগ্রহণ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|