বৃহস্পতিবাৰে সমগ্ৰ দেশত বিশেষ প্ৰচাৰ চলাব নিখিল ভাৰত কংগ্ৰেছ কমিতিয়ে ৷ ইয়াৰ অংশীদাৰ হ'ব অসম প্ৰদেশ কংগ্ৰেছো ৷ বুধবাৰে এই কথা সদৰি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷
‘আমি ছচিয়েল মিডিয়াৰ জৰিয়তে কাইলৈ প্ৰচাৰ চলাম ৷ সমগ্ৰ দেশৰ মুঠ ৫০ লাখ কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকে এই প্ৰচাৰত অংশগ্ৰহণ কৰিব ৷ মুঠ তিনিটা দাবীক লৈ ছচিয়েল মেডিয়াত লাইভ, আপডেট দি চলাব প্ৰচাৰ সকলো কংগ্ৰেছীয়ে’ এই কথা সদৰী কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ৰিপুণ বৰাই ৷
বুধবাৰে ‘জোম এপ’ৰ জৰিয়তে আয়োজন কৰা এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ক'লে, ‘আমাৰ প্ৰথম দাবী- প্ৰধানমন্ত্ৰীৰ বিশ লাখ কোটিৰ পেকেজত কোনো দৰিদ্ৰ লোক প্ৰত্যক্ষভাৱে উপকৃত হোৱা নাই ৷ সকলো দৰিদ্ৰ পৰিয়ালক এই দুৰ্যোগৰ সময়ত ছয় মাহৰ বাবে মাহে ৭৫০০ টকাকৈ প্ৰদান কৰক ৷ এই ছয়মাহৰ টকাৰ প্ৰথম কিস্তি হিচাপে দৰিদ্ৰ পৰিয়ালক দহ হাজাৰকৈ টকা মুকলি কৰি দিয়ক প্ৰধানমন্ত্ৰীয়ে ৷’
‘আমাৰ দ্বিতীয় দাবী হ'ল- ‘বহিঃৰাজ্যত বন্দী হৈ থকা সকলো লোকক ৰাজ্য চৰকাৰসমূহে নিৰাপদে চৰকাৰী খৰচত নিজ নিজ ৰাজ্যলৈ নিয়াৰ ব্যৱস্থা কৰক ৷’
আমাৰ শেষৰটো তথা তৃতীয় দাবীটো হ'ল- ‘MGNREGA আঁচনিৰ জৰিয়তে পোৱা কামৰ দিন এশদিনৰ পৰা দুশদিনলৈ বৃদ্ধি কৰক।” জনালে ৰিপুন বৰাই ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|