৩০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে শনিবাৰে AICCয়ে ২০জনীয়া ষ্টাৰ কেম্পেইনাৰৰ নাম ঘোষণা কৰে ৷ এই তালিকাত ৰাজ্যৰ বাহিৰৰ তথা AICCৰ এজন নেতাৰহে নাম আছে। অসমৰ তত্ত্বাৱধায়কৰ দায়িত্বত থকা তথা ৰাহুল গান্ধীৰ ঘনিষ্ঠ AICCৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং সন্নিবিষ্ট হৈছে এই তালিকাত ৷
লোকেল ষ্টাৰৰ দ্বাৰা তথা অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ দ্বাৰাই পাঁচটা সমষ্টিৰ উপ নিৰ্বাচন চলাই নিবলৈ AICCয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ দ্বাৰা ধনৰ খৰছ কমাবলৈ AICCয়ে এই সিদ্ধান্ত লৈছেনে, নে সমষ্টি কেইটাত জয়ী হোৱাৰ সম্ভাৱনা নেদেখি AICCয়ে ষ্টাৰ কেম্পেইনাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰেৰণ কৰিবলৈ বিচৰা নাই; সেয়া অস্পষ্ট।
AICCয়ে ঘোষণা কৰা বিশজনীয়া ষ্টাৰ কেম্পেইনাৰৰ তালিকাত আছে জীতেন্দ্ৰ সিং, APPCৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিকাশ উপাধ্যায়, পৃথ্বীৰাজ ছাথে, ৰাণা গোস্বামী, কমলাক্ষ দে পুৰুকায়স্থ, জাকিৰ হুছেইন শিকদাৰ, পৱন সিং ঘাটোৱাৰ, ৰিপুণ বৰা, প্ৰদ্যুত বৰদলৈ, গৌৰৱ গগৈ, আব্দুল খালেক, ৰকিবুল হুছেইন, বসন্ত দাস, ছিদ্দেক আহমেদ, দুৰ্গা ভূমিজ, মনোজ ধানোৱাৰ, গৰ্জন মুছাহাৰী আৰু বৃষ্টি বসুমতাৰী ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|