প্ৰশ্নকাকত ফাদিল ৰোধ কেনেকৈ কৰিব? শিক্ষা সংসদে হাতত লৈছে বিশেষ ব্যৱস্থা

অহা ১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৪মাৰ্চলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা
অহা ১২ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৪মাৰ্চলৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষা
- News18 Assam
- Last Updated: February 3, 2020, 8:22 PM IST
বিগত বৰ্ষৰ পৰীক্ষা সমূহত কিছু বেমেজালি হোৱাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা সংসদে। ৰাজ্যৰ অতি স্পৰ্শকাতৰ ২১ৰ পৰা ২৫ টা কেন্দ্ৰত সংলগ্ন কৰিব জামাৰ। cctv স্থাপন কৰিব নোৱাৰা কেন্দ্ৰ সমূহত শিক্ষা সংসদে নিজাববীয়াকৈ লগাব কেমেৰা। কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জাৰি কৰিব ১৪৪ধাৰা। পৰীক্ষাত অসৎ পন্থা অবলম্বন কৰা পৰীক্ষাৰ্থীৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ শাস্তি।
এইবাৰ উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ৭৭২ টা কেন্দ্ৰত অৱতীৰ্ণ হ’ব ২ লাখ ৩৪ হাজাৰ৭৮৬ পৰীক্ষাৰ্থী। উল্লেখযোগ্য যে, আজি গুৱাহাটীৰ বাহিৰে সকলো পৰীক্ষা কেন্দ্ৰ লৈ শিক্ষা সংসদে প্ৰেৰণ কৰিছে প্ৰশ্ন কাকত আৰু উত্তৰ বহী।