• Home
  • »
  • News
  • »
  • assam
  • »
  • মাতৃয়ে কাপোৰ চিলাই কৰি পঢ়ুৱাইছিল কলেজত, বাণিজ্য শাখাত হৰপ্ৰীতে লাভ কৰিলে দ্বিতীয় স্থান

মাতৃয়ে কাপোৰ চিলাই কৰি পঢ়ুৱাইছিল কলেজত, বাণিজ্য শাখাত হৰপ্ৰীতে লাভ কৰিলে দ্বিতীয় স্থান

১২ বছৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পিতৃ গুৰমীত সিঙক হেৰুওৱা হৰপ্ৰীতক ককাক জ্ঞান সিঙেও সময়ে সময়ে যথেষ্ট সহায় কৰিছিল।

  • Share this:
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত সোণাৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে সোণাৰি জুনিয়ৰ কলেজৰ ছাত্ৰী হৰপ্ৰীত কৌৰে। মুঠ ৪৬৮ নম্বৰ লাভ কৰি বাণিজ্য শাখাত  অসমৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিলে হৰপ্ৰীতে। পিতৃহীন হৰপ্ৰীতৰ সাফল্যৰ পথত মাতৃ কুলদীপ কৌৰে যথেষ্ট সহায় কৰিছিল। কাপোৰ চিলাই কৰি কন্যাক সোণাৰিৰ এখন ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয় সোণাৰি জুনিয়ৰ কলেজত পঢ়াইছিল মাতৃ কুলদীপ কৌৰে।১২ বছৰ বয়সতে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পিতৃ গুৰমীত সিঙক হেৰুওৱা হৰপ্ৰীতক ককাক জ্ঞান সিঙেও সময়ে সময়ে যথেষ্ট সহায় কৰিছিল। উল্লেখ্য যে ইয়াৰ পূৰ্বেও হৰপ্ৰীতৰ সম্বন্ধীয় দুই ভগ্নীয়েও হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান দখল কৰিছিল। হৰপ্ৰীতৰ ইচ্ছা ভবিষ্যতে এগৰাকী চাৰ্টাৰ্ড একাউণ্টেণ্ট হোৱাৰ।
First published: