உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • পিতৃয়ে ব্ৰইলাৰ বিক্ৰী কৰে, পুত্ৰই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দখল কৰিলে পঞ্চম স্থান

    পিতৃয়ে ব্ৰইলাৰ বিক্ৰী কৰে, পুত্ৰই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দখল কৰিলে পঞ্চম স্থান

    আজি ফলাফল ঘোষণাৰ লগে লগেই অংকুৰক অভিনন্দন জনালে বিভিন্ন দল–সংগঠনে।

    আজি ফলাফল ঘোষণাৰ লগে লগেই অংকুৰক অভিনন্দন জনালে বিভিন্ন দল–সংগঠনে।

    আজি ফলাফল ঘোষণাৰ লগে লগেই অংকুৰক অভিনন্দন জনালে বিভিন্ন দল–সংগঠনে।

    • Share this:
    একাগ্ৰতা আৰু সাধনা থাকিলে দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে শিক্ষাত। এই কথাষাৰ আজি পুনৰ প্ৰমাণ কৰিলে টীয়কৰ এজন মেধাৱী ছাত্রই। বাধাৰ প্ৰাচীৰ নেওচি টীয়কৰ অংকুৰজ্যোতি ভূঞাই গৌৰৱান্বিত কৰিলে যোৰহাটবাসীক। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত যোৰহাটৰ ঐতিহাসিক জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হয় অংকুৰজ্যোতিয়ে।

    মেধাৱী অংকুৰজ্যোতি ভূঞাৰ ঘৰ টীয়কৰ গুৱাল গাঁৱত। দৰিদ্ৰ পিতৃৰ আছে এখন ক্ষুদ্ৰ কুকুৰা ফাৰ্ম। উক্ত ফাৰ্মৰে ব্ৰইলাৰ বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে পুত্ৰ অংকুৰৰ পঢ়াৰ খৰচ যোগান ধৰিছিল। মেধাৱী ছাত্রজনৰ আজি ফলাফল লাভ কৰাৰ লগে লগে সমগ্র গাঁওখনৰ পৰিৱেশ আনন্দমুখৰ হৈ পৰে। সকলোৰে মুখত এটাই কথা – অংকুৰে পালে কষ্টৰ ফল, মান উজলালে গাঁওখনৰ। আজি ফলাফল ঘোষণাৰ লগে লগেই অংকুৰক অভিনন্দন জনালে বিভিন্ন দল–সংগঠনে। আছু, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিদষকে মুখ্য কৰি বিভিন্ন দল–সংগঠনে অভিনন্দন জনাই মেধাৱী ছাত্ৰজনক।
    First published: