মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল পণ্ডিত জৱাহৰলাল নেহৰু, বাবৰি মছজিদ, গুজৰাট সংঘৰ্ষ, মণ্ডল আয়োগৰ আন্দোলন 

অসমৰ দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা আঁতৰিল পণ্ডিত জৱাহৰলাল নেহৰু, বাবৰি মছজিদ, গুজৰাট সংঘৰ্ষ, মণ্ডল আয়োগৰ আন্দোলন 

এতিয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নালাগে ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কৰ্মৰাজি ।

এতিয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নালাগে ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কৰ্মৰাজি ।

  • Share this:
এতিয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে পঢ়িব নালাগে ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ কৰ্মৰাজি। অসমৰ উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰিছে জৱাহৰলাল নেহৰুৰ কৰ্মৰাজি। লগতে কৰ্তন কৰিছে – ১৯৮৪ চন আৰু ২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষ। অযোধ্যা বিবাদ আৰু মণ্ডল আন্দোলনো কৰ্তন হৈছে পাঠ্যপুথিৰ পৰা।

পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰা বিষয় সমূহ হৈছে – দেশত প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচন, দেশ নিৰ্মাণত নেহৰুৰ অৱদান, নেহৰুৰ সময়ৰ পঞ্চবাৰ্ষিক পৰিকল্পনা, নেহৰুৰ বিদেশ নীতি, নেহৰুৰ পিছৰ ৰাজনৈতিক প্ৰেক্ষাপট, ইন্দিৰা গান্ধীৰ গৰিবি হাটাও অভিযান, পাঞ্জাৱৰ বিচ্ছিন্নতাবাদ, ১৯৮৪ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষ, ২০০২ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষ, অযোধ্যা বিবাদ আৰু মণ্ডল আন্দোলন।

অৱশ্যে কংগ্ৰেছ দলৰ কাশ্মীৰ নীতি, ১৯৬২চনৰ চীনৰে যুদ্ধ, ১৯৬৫ আৰু ১৯৭১চনৰ পাকিস্তানৰে যুদ্ধ, জৰুৰীকালীন অৱস্থা, বিজেপি আৰু জনতা দলৰ জন্ম আৰু উত্তৰণ পঢ়িবলৈ পাব ছাত্ৰ ছাত্ৰীয়ে ।

বুৰঞ্জীৰ কিতাপৰ পৰা দেশত প্ৰচলিত জাতিবাদ আঁতৰাই দিয়া হৈছে 

AHSECৰ সচিব মনোৰঞ্জন কাকতিয়ে সংসদৰ Websiteত জনোৱা মতে, কোৰোণা মহামাৰীৰ ফলত ছাত্ৰ ছাত্ৰীৰে বছৰটোত কেইবামাহ ধৰি শিক্ষা গ্ৰহণ কৰিব পৰা নাই। ফলত ২০২০-২১ৰ শিক্ষাবৰ্ষত এনেদৰে ৩০ শতাংশ পাঠ্যক্ৰম কৰ্তন কৰা হৈছে। তেওঁ কয় – শিক্ষক আৰু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

শেহতীয়া বাতৰি