বিহু অন্তৰ্ভুক্ত হ'ল উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত। অহা শিক্ষাবৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থী সকলে ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব বিহু বিষয়। ১০০নম্বৰৰ এই বিষয়ত শিক্ষাৰ্থী সকলে বিস্তাৰিত ৰূপত আহৰণ কৰিব পাৰিব বিহু।
ইতিমধ্যে এই বিহু বিষয়ৰ নতুন পাঠ্যক্ৰম ছপা কৰিছে শিক্ষা সংসদে। অসমৰ বহুকেইগৰাকী বিহু বিশেষজ্ঞই লিখিছে পাঠসমূহ। ইছমাইল হুছেইন, খগেন গগৈ, জয়কান্ত গন্ধিয়াকে ধৰি কেইবাগৰাকী বিহু বিশেষজ্ঞই আলোকপাত কৰিছে বিহুৰ প্ৰকৃত দিশসমূহ। শিক্ষা সংসদৰ বৈঠকত বিহুক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
তদুপৰি অহা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তভুক্ত হ’ব ২৭টা বৃত্তিগত বিষয়।আনহাতে আগন্তুক বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত প্ৰথম বাৰৰ বাবে চতুৰ্থ বিষয় হিচাপে থাকিব একাউন্টেঞ্চি আৰু বিজনেচ ষ্টাডিজ। পূৰ্বে একাউন্টেঞ্চি আৰু বিজনেচ ষ্টাডিজক বাধ্যতামূলক মূলক বিষয়ৰ হিচাপে ধৰিছিল শিক্ষা সংসদে।
শিক্ষাৰ্থী সকলৰ সুবিধাৰ্থে প্ৰথমবাৰৰ বাবে এই দুটা বিষয়ক ৪ৰ্থ বিষয় হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয় শিক্ষা সংসদৰ বৈঠকত। ইফালে বৃত্তিমুখী পাঠ্যক্ৰম ২৮ টালৈ বৃদ্ধি কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|