১২ ফেব্ৰুৱাৰীত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, শিক্ষাৰ্থী–পৰীক্ষা নিৰীক্ষকক সকীয়নি AHSECৰ

News18 Assam | News18-Assam
Updated:February 10, 2020, 2:49 PM IST
১২ ফেব্ৰুৱাৰীত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা, শিক্ষাৰ্থী–পৰীক্ষা নিৰীক্ষকক সকীয়নি AHSECৰ
পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰা পৰীক্ষাৰ্থীৰ বিৰুদ্ধে ল’ব কঠোৰতম শাস্তি লোৱা হ’ব বুলিও হুংকাৰ দিছে শিক্ষা সংসদে।

পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰা পৰীক্ষাৰ্থীৰ বিৰুদ্ধে ল’ব কঠোৰতম শাস্তি লোৱা হ’ব বুলিও হুংকাৰ দিছে শিক্ষা সংসদে।

  • Share this:
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা। ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। ১৪ মাৰ্চলৈ চলিব কলা, বিজ্ঞান আৰু বাণিজ্য আৰু বৃত্তিমুখী শাখাৰ চূড়ান্ত পৰীক্ষা। ইতিমধ্যে পৰীক্ষা সূচাৰুৰূপে সম্পন্ন কৰিবলৈ যাৱতীয় সকলো প্ৰস্তুতি সম্পন্ন কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।

এইবাৰ যাতে WhatsAppযোগে  বা ছচিয়েল মিডিয়াত প্ৰশ্নকাকত ফাদিল নহয় তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে শিক্ষা সংসদে। বিগত বৰ্ষবোৰৰ লেখিয়াকৈ এইবাৰো পৰীক্ষা কেন্দ্ৰত মবাইল সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছে শিক্ষা সংসদে। শিক্ষাৰ্থীৰ লগতে নিৰীক্ষকেও এইবাৰ পৰীক্ষা কেন্দ্ৰত ম’বাইল ব্যৱহাৰ কৰিব নোৱাৰিব বুলি সাংবাদমেল যোগে প্ৰকাশ কৰিছে শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে।

ইফালে, পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত কোনো নিৰীক্ষকে যদি ম’বাইল ব্যৱহাৰ কৰে তেন্তে তেনে নিৰীক্ষককো নিলম্বন কৰা হ’ব বুলি কঠোৰ সকীয়নি প্ৰদান কৰিছে শিক্ষা সংসদৰ অধ্যক্ষগৰাকীয়ে। একেদৰে প্ৰশ্নকাকত ফাদিল নহ’বলৈ এইবাৰ ৰাজ্যৰ অতি স্পৰ্শকাতৰ ২০ৰ পৰা ২৫টাকৈ কেন্দ্ৰত জামাৰ স্থাপন কৰা হ’ব বুলি স্পষ্ট কৰিছে শিক্ষা সংসদ কৰ্তৃপক্ষই।

সমান্তৰালভাৱে প্ৰতিটো কেন্দ্ৰতে চিচিটিভি স্থাপন কৰাটো এইবাৰো বাধ্যতামূলক কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। অৱশ্যে চিচিটিভি স্থাপন কৰিব নোৱাৰা একাংশ কেন্দ্ৰত শিক্ষা সংসদে নিজাববীয়াকৈ চিচিটিভি লগাব বুলিও উল্লেখ কৰে শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে। পূৰ্বৰ দৰে এইবেলিও ৰাজ্যৰ প্ৰতিটো কেন্দ্ৰৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কোনো অভিভাৱকে। অৰ্থাৎ পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত এইবাৰো ৭৭২টা কেন্দ্ৰত প্ৰশাসনৰ সহযোগত শিক্ষা সংসদে জাৰি কৰিব ১৪৪ ধাৰা।

আনহাতে, পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰা পৰীক্ষাৰ্থীৰ বিৰুদ্ধে ল’ব কঠোৰতম শাস্তি লোৱা হ’ব বুলিও হুংকাৰ দিছে শিক্ষা সংসদে। উল্লেখযোগ্য যে, এইবাৰ ৭৭২টা কেন্দ্ৰত অৱতীৰ্ণ হ’ব সৰ্বমুঠ ২ লাখ ৩৪ হাজাৰ ৮০৯ গৰাকী পৰীক্ষাৰ্থী। ইয়াৰে, কলা শাখাত ১,৭৫,১৭৫ গৰাকী, বিজ্ঞান শাখাত ৪০,৫৮৮ গৰাকী, বাণিজ্য শাখাত ১৮,১৭৮ গৰাকী আৰু বৃত্তিমুখী শাখাত  ৮৬৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

এইবাৰ দুৰণিবটীয়া ছাত্ৰ–ছাত্ৰীৰ বাবে ২০টা ভেন্যু ৰাখিছে শিক্ষা সংসদে। ইপিনে আজি গুৱাহাটীৰ বাহিৰে দুৰণিবটীয়া সকলো পৰীক্ষা কেন্দ্ৰলৈ শিক্ষা সংসদে প্ৰেৰণ কৰিছে প্ৰশ্নকাকত আৰু উত্তৰ বহী।
আৰু চাওক
পৰৱৰ্তী বাতৰি