৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাসেৰে শিক্ষাৰ্থীক সকাহ দিয়াৰ চেষ্টা শিক্ষা সংসদৰ

News18 Assam | News18-Assam
Updated:August 23, 2020, 10:34 PM IST
৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাসেৰে শিক্ষাৰ্থীক সকাহ দিয়াৰ চেষ্টা শিক্ষা সংসদৰ
ছেপ্টেম্বৰৰ পৰা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ শ্ৰেণী আৰম্ভ নহ’লেও ৱেবছাইটযোগে কৰ্তন হোৱা পাঠ্যক্ৰম প্ৰকাশ কৰিব শিক্ষা সংসদে।

ছেপ্টেম্বৰৰ পৰা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ শ্ৰেণী আৰম্ভ নহ’লেও ৱেবছাইটযোগে কৰ্তন হোৱা পাঠ্যক্ৰম প্ৰকাশ কৰিব শিক্ষা সংসদে।

  • Share this:
কোৰোণা ভাইৰাছৰ বাবে পাঁচটা মাহ ধৰি দেশত স্থবিৰ হৈছে শিক্ষা ব্যৱস্থা। ইতিমধ্যে চি বি এছ ইয়ে পাঠ্যক্ৰম হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষাৰ্থীৰ ভৱিষ্যত প্ৰতি লক্ষ্য ৰাখি শিক্ষা সংসদেও ৩০ শতাংশ পাঠ্যক্ৰম হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে। কোভিডৰ সময়ছোৱাৰ পৰা অনলাইন শিক্ষাৰ জৰিয়তে ১০০ শতাংশৰ ভিতৰত কেৱল ৬০ৰ পৰা ৭০ শতাংশ ছাত্ৰ-ছাত্ৰীক স্পৰ্শ কৰিব পাৰিছে শিক্ষা সংসদে। শিক্ষাৰ্থী ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰিছে শিক্ষা সংসদৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে।

ছেপ্টেম্বৰৰ পৰা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ শ্ৰেণী আৰম্ভ নহ’লেও ৱেবছাইটযোগে কৰ্তন হোৱা পাঠ্যক্ৰম প্ৰকাশ কৰিব শিক্ষা সংসদে। আৰু তাৰে আধাৰত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব শিক্ষাৰ্থীসকল। অৱশ্যে, এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত সমস্যাৰ সন্মুখীন হ’ব পাৰে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। কোৰোণা মহামাৰী আৰু সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে পিছুৱাব লগা হ’ব পাৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা। চাৰিমাহ ধৰি বিদ্যালয় আৰু মহাবিদ্যালয় বন্ধ হোৱাৰ বাবে শিক্ষা সংসদৰ এনে সিদ্ধান্তই যথেষ্ট সকাহ দিব ছাত্ৰ-ছাত্ৰীক।
Published by: Sanjay Kumar Das
First published: August 23, 2020, 10:34 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading