H S final Examination: জুলাই বা আগষ্টত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা, জনালে শিক্ষা সংসদে

News18 Assam | News18-Assam
Updated:June 9, 2021, 6:58 PM IST
H S final Examination: জুলাই বা আগষ্টত অনুষ্ঠিত হ'ব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা, জনালে শিক্ষা সংসদে
কোভিড প্ৰটোকল অনুযায়ী পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ ওচৰৰ চৰকাৰী অথবা প্ৰাদেশীকৃত শিক্ষানুষ্ঠানক পৰীক্ষা কেন্দ্ৰ ৰূপে বাছনি কৰাৰ নিৰ্দেশ।

কোভিড প্ৰটোকল অনুযায়ী পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ ওচৰৰ চৰকাৰী অথবা প্ৰাদেশীকৃত শিক্ষানুষ্ঠানক পৰীক্ষা কেন্দ্ৰ ৰূপে বাছনি কৰাৰ নিৰ্দেশ।

  • Share this:

বহু প্ৰতীক্ষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা জুলাই অথবা আগষ্টত অনুষ্ঠিত হ'ব। এই বিষয়ে নিশ্চিতি দি আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে এএইচএছইচি/ইএক্সবি/এইচএছ ছেকেণ্ড ইয়েৰ/২০২১–৩৩ নম্বৰ পত্ৰযোগে পৰীক্ষা কেন্দ্ৰসমূহক নিৰ্দেশনা দিয়ে। বৰঠাকুৰে ৪০০তকৈ অধিক পৰীক্ষাৰ্থী থকা সকলো পৰীক্ষা কেন্দ্ৰকে কোভিড প্ৰটোকল অনুযায়ী পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ ওচৰৰ চৰকাৰী অথবা প্ৰাদেশীকৃত শিক্ষানুষ্ঠানক পৰীক্ষা কেন্দ্ৰ ৰূপে বাছনি কৰাৰ নিৰ্দেশ দিয়ে।


উল্লেখ্য, কালি মঙলবাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল জনতা ভৱনত। ৰাজ্য চৰকাৰৰ সৈতে এই বৈঠকত ভাগ লৈছিল আছুকে ধৰি কেইবাটাও ছাত্ৰ সংগঠনে। এই বৈঠকত চৰকাৰে আগষ্টত পৰীক্ষা অনুষ্ঠিত কৰাৰ পোষকতা কৰিছিল যদিও আজি জুলাই মাহতো পৰীক্ষা অনুষ্ঠিত কৰাৰ সম্ভাৱনা প্ৰকাশ কৰে শিক্ষা সংসদে।

Published by: Gautam Barman
First published: June 9, 2021, 6:38 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি