AIUDFৰ বিধায়ক আমিনুল ইছলামৰ বিতৰ্কিত মন্তব্যক কেন্দ্ৰ কৰি সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এইবাৰ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আহোম সকলৰ বিৰুদ্ধে তীৰ্যক মন্তব্য কৰিছে বুলি আমিনুল ইছলামৰ বিৰুদ্ধে অভিযোগ। বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ পোৱা খবৰ অনুসৰি বিধায়ক আমিনুল ইছলামে কৈছিল যে, আহোম সকল অসমৰ খিলঞ্জীয়া নহয়, অসমত থকা মিঞা সকলহে অসমৰ প্ৰকৃত খিলঞ্জীয়া লোক।’
AIUDFৰ বিধায়ক আমিনুল ইছলামে আহোম সকলক কৰা অপমানসূচক মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে আহোম দল সংগঠন। আমিনুল ই
ছলামৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আটাছুৰ যুটীয়া সম্পাদক নেতা মনোজ গগৈয়ে। আনহাতে মন্তব্যক বিকৃত কৰাৰ অভিযোগ উত্থাপিত কৰিছে বিধায়ক আমিনুল ইছলামে। ঘটনা সন্দৰ্ভত সংবাদমেলৰ আয়োজন কৰিছে বিধায়কগৰাকীয়ে।উল্লেখযোগ্য যে, আমিনুল ইছলামে আহোম সম্প্ৰদায়ৰ ওপৰত কি মন্তব্য কৰিছিল, সেই নিশ্চিতি News18 এ প্ৰদান নকৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|