মুখ্যপৃষ্ঠা »খবৰ »অসম »Ahom Era Coins Found : চৰাইদেউ মাহমৰাত উদ্ধাৰ আহোম যোগৰ মুদ্ৰা আৰু ঐতিহাসিক সমল

Ahom Era Coins Found : চৰাইদেউ মাহমৰাত উদ্ধাৰ আহোম যোগৰ মুদ্ৰা আৰু ঐতিহাসিক সমল

আহোম যুগৰ মুদ্ৰা

আহোম যুগৰ মুদ্ৰা

Ahom Era Coins Found : উদ্ধাৰ হোৱা এই সমল সমূহৰ ভিতৰত মুদ্ৰা দুটা খ্ৰীষ্টাব্দ ১৬৭২ আৰু ১৬৭৪ চনৰ।

  • Share this:
News in Assamese - চৰাইদেউ জিলাৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাহমৰাৰ টিমনহাবী গাঁৱত উদ্ধাৰ হৈছে আহোম যোগৰ মুদ্ৰাৰ (Ahom Era Coins Found ) লগতে বহু ঐতিহাসিক সমল । উদ্ধাৰ হোৱা এই সমল সমূহৰ ভিতৰত মুদ্ৰা দুটা খ্ৰীষ্টাব্দ ১৬৭২ আৰু ১৬৭৪ চনৰ। মুদ্ৰা দুটা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ আৰু স্বৰ্গদেউ প্ৰমত্ত সিংহৰ শাসনকালৰ পৌৰাণিক মুদ্ৰা বুলি অনুমান কৰা হৈছে ।

জানিব পৰা মতে অঞ্চলটোৰ নিবাসী লক্ষ্মী গগৈয়ে নিজৰ বাৰীত থকা পুখুৰীটোৰ পৰা মাটি খনন কৰোঁতে উদ্ধাৰ হয় এই ঐতিহাসিক সমল। লগে লগে লোকজনৰ উদ্ধাৰ হোৱা সামগ্ৰীসমূহ নি কাকতিবাৰী আৰক্ষী থানাত জমা দিয়ে । কাকতিবাৰী আৰক্ষীৰ জিম্মাত থকা এই সমলসমূহৰ পুৰাতত্ব বিভাগৰ লোকে পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখেছে ।

এতিয়াও অঞ্চলটোত খনন কাৰ্য চলাওতে কিছু পৌৰাণিক সামগ্ৰী প্ৰলেপ আৰু ভগ্নাংশ উদ্ধাৰ হোৱালৈ চাই অঞ্চলটোত আৰু তেনে সমল উদ্ধাৰ হোৱাৰ আশা প্ৰকাশ কৰিছে পুৰাতত্ত্ব বিভাগে । পুৰাতত্ত্ব বিভাগে সম্প্ৰতি অঞ্চলটিত খনন কাৰ্য বন্ধ ৰখা বুলি জানিব পৰা গৈছে ।

শেহতীয়া বাতৰি