গণৰাজ্য দিৱস উদযাপনৰ পূৰ্বে মণিপুৰত বিস্ফোৰণ। নিশ্ছিদ্ৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে বুধবাৰে সন্ধিয়া পূব মণিপুৰৰ ম্যানমাৰ সীমান্তৱৰ্তী উখৰুল জিলাৰ উখৰুল চহৰৰ ফুংগ্ৰেইটাঙত বোমা বিস্ফোৰণ ঘটে।
আৰক্ষীয়ে জনোৱা মতে, সন্ধিয়া প্ৰায় ৫ বজাত সংঘটিত হোৱা বিস্ফোৰণত এগৰাকী জনজাতীয় মহিলাকে ধৰি চাৰিজন পথচাৰী আঘাতপ্ৰাপ্ত হয়, ইয়াৰে এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ততাতৈয়াকৈ আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আহত লোককেইজন হৈছে চিংগাই গাঁৱৰ ৪৯ বছৰীয়া মানওৱন, ফুংগিয়াৰৰ ডাঃ ৱনিয়াও কাছাৰ (৩৫ বছৰ), লামলাং গাঁৱৰ আংগায়ুং ৰিজাট (৩৯ বছৰ) আৰু ৰনি গাঁৱৰ পি লেইছিংগাম (৩৭ বছৰ)।
সোঁহাতত ২টা আৰু পেটৰ সোঁফালে আঘাত পোৱা এগৰাকী আহতক উন্নত চিকিৎসাৰ বাবে ৰাজ্য চৰকাৰৰ জেএনআইএমএছ চিকিৎসালয় ইম্ফললৈ প্ৰেৰণ কৰিছে।
আৰক্ষীয়ে এয়া ইম্প্ৰভাইজড হেণ্ড গ্ৰেনেড হ’ব পাৰে বুলি সন্দেহ কৰে। অধিক তদন্তৰ বাবে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰি ধৰিছে বুলি উল্লেখ কৰি আৰক্ষীয়ে কয় যে বিস্ফোৰণৰ আঁৰৰ উদ্দেশ্য জানিব পৰা হোৱা নাই। এতিয়ালৈকে কোনো ব্যক্তি বা সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|