তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত কংগ্ৰেছ মহাজোঁটৰ অংশীদাৰ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ (BPF) এগৰাকী প্ৰাৰ্থীয়ে শিবিৰ সলনি কৰি বিজেপিত যোগদান কৰাক লৈ ধুমুহাৰ সৃষ্টি হৈছে। বুধবাৰে নিশা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি এই কথা জনায়। ‘তামুলপুৰৰ তথাকথিত কংগ্ৰেছ মহাজোঁটৰ বিপিএফ প্ৰাৰ্থী শ্ৰী ৰাম দাস বসুমতাৰীয়ে মোক ক্ষন্তেক সময় পূৰ্বে সাক্ষাৎ কৰে। তেওঁ বিজেপিত যোগদানৰ আশা প্ৰকাশ কৰিছে আৰু নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।’
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰা জনসভাত বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা। চৰ্চা মতে অন্য ৪–৫ গৰাকী BPF ৰ প্ৰাৰ্থীয়েও শিবিৰ সলনি কৰিব পাৰে।
তামুলপুৰৰ নিৰ্বাচন অহা মঙলবাৰ অৰ্থাৎ ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব। বসুমতাৰীৰ উপৰিও আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিছে আন ১০গৰাকী প্ৰাৰ্থীয়ে। ইয়াৰে আটাইতকৈ উল্লেখযোগ্য প্ৰাৰ্থীগৰাকী হ’ল বিজেপি মিত্ৰজোঁটৰ United Peoples’ Party Liberal (UPPL)ৰ লেহ’ ৰাম বড়ো।
অৱশ্যে বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে তামুলপুৰ আসনৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব নোৱাৰে কাৰণ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ সময়সীমা ইতিমধ্যে উকলিছে। কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্তই স্বাভাৱিকতে সহায় কৰিব UPPL প্ৰাৰ্থীগৰাকীক।
২০১৬ চনত বিজেপি মিত্ৰজোঁটৰ প্ৰাক্তন সহযোগী বিপিএফে ১২খন বিধানসভা আসন জয় কৰিছিল। এইবাৰো দলটোৱে সমান সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।
চাৰিখন জিলাত BPF আৰু UPPLৰ মাজত তুমুল যুঁজ অনুষ্ঠিত হৈছে। UPPL–এ ১১ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে BJP–এ ৪ খন আসনত নিৰ্বাচন খেলিছে। তিনিখন আসনত দুয়ো দলৰ মাজত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা।
উল্লেখ্য যে, শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰত মহাজোঁটৰ হৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমক প্ৰচাৰ চলোৱা দেখা গৈছে। হাগ্ৰামাই মহাজোঁটৰ হৈ বিটিএডিৰ বাহিৰতো প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে। স্বাভাৱিকতে ডঃ শৰ্মাৰ উদ্যোগত বিপিএফৰ প্ৰাৰ্থীৰ বিজেপিত যোগদানে এই যুঁজখন অধিক আকৰ্ষণীয় কৰি তুলিছে।
অহা ৬ তাৰিখৰ নিৰ্বাচনৰ পূৰ্বে এতিয়া এই যুঁজখনে কি আৰু দেখুৱায় সেয়াহে লক্ষ্যণীয় হ’ব!
FIRST PUBLISHED : April 01, 2021, 09:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।