বোকা পানী খচি পথাৰত কঠীয়া সিঁচিলে কৃষি মন্ত্ৰী অতুল বৰাই। আজি শিৱসাগৰৰ নাজিৰাৰ বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতিৰ পথাৰত শালিধানৰ কঠীয়া সিঁচিলে কৃষি মন্ত্ৰী অতুল বৰাই। সতী জয়মতীৰ স্মৃতিজড়িত ঐতিহাসিক জেৰেঙা পথাৰত ১৪৫ বিঘা মাটিত শালিখেতি কৰাৰ বাবে সমবায় সমিতিখনে আজি কৃষি মন্ত্ৰীৰ হতুৱাই শুভাৰম্ভ কৰে কঠীয়া সিঁচা পৰ্ব।
মন্ত্ৰী বৰাই কয়, "খেতিয়কসকলৰ সৰ্বাংগীণ কল্যাণেৰে কৃষি খণ্ডলৈ পৰিৱৰ্তন আনিবই লাগিব, তেতিয়াহে গ্ৰাম্য অৰ্থনীতিৰ পৰিৱৰ্তন সাধন হ'ব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ যি লক্ষ্য লৈছে, সেই লক্ষ্যত উপনীত হ'বৰ বাবে সকলোকে সবল ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ। কৃষকৰ উন্নতিৰ স্বাৰ্থত আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনে সদায়েই দায়ৱদ্ধতা আৰু সুপৰিকল্পিতভাৱে কাম কৰি যাব।"
এইক্ষেত্ৰত আগভাগ লোৱা সমবায় সমিতিখনৰ অংশীদাৰ, কৰ্মকৰ্তাসকলৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে সমাধানৰ আশ্বাস দিয়ে মন্ত্ৰী অতুল বৰাই।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|