
আজি কাতি বিহু। কৃষিজীৱি অসমীয়াই আজিৰ দিনটোত কৃষি পথাৰত চাকী বন্তি জ্বলাই আগন্তুক দিনত সোণগুটিৰে পথাৰ উপচি পৰিবলৈ প্ৰাৰ্থনা কৰে।
আজি কাতি বিহু। কৃষিজীৱি অসমীয়াই আজিৰ দিনটোত কৃষি পথাৰত চাকী বন্তি জ্বলাই আগন্তুক দিনত সোণগুটিৰে পথাৰ উপচি পৰিবলৈ প্ৰাৰ্থনা কৰে।
আজি কাতি বিহু। কৃষিজীৱি অসমীয়াই আজিৰ দিনটোত কৃষি পথাৰত চাকী বন্তি জ্বলাই আগন্তুক দিনত সোণগুটিৰে পথাৰ উপচি পৰিবলৈ প্ৰাৰ্থনা কৰে।এইবাৰ কোৰোণাৰ বাবে ৰাজ্যত বিহুৰ বিশেষ উদযাপন দেখিবলৈ পোৱা নাই। তাৰ মাজতে পৰম্পৰা ৰক্ষা কৰি সকলোৱে অনুষ্ঠুপীয়াকৈ বিহুৰ উদযাপন কৰিছে।
![]()
কাতি বিহুৰ দিনা কাজিৰঙাৰ ধাননি পথাৰত উপস্থিত হ’ল কৃষিমন্ত্ৰী অতুল বৰা ৷ কাজিৰঙাৰ নিজেই ভুঁই ৰোৱা পথাৰত কাতি বিহুৰ চাকি জ্বলালে কৃষিমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, আহাৰ মাহত কাজিৰঙাৰ ভুগীবঢ়ানী পথাৰত বোকাখাত মহকুমা কৃষি বিভাগে আয়োজন কৰা ভুঁই ৰোৱা উৎসৱত কৃষি মন্ত্ৰী বৰাই নিজে কৃষকৰ লগত পথাৰত নামি ভূঁই ৰুইছিল ৷ তিনিবাৰ বানত ডুব যোৱাৰ পাছতো ঠন ধৰি ঠোক মেলিবলৈ আৰম্ভ কৰা ‘NPH 8899’ নামৰ ধান সহজাত প্ৰজাতিৰ খেতিত উপস্থিত হৈ সন্তুষ্টি প্ৰকাশ কৰে কৃষিমন্ত্ৰীগৰাকীয়ে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|