• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙিয়াত News18ৰ বাতৰিৰ প্ৰভাৱ, লকডাউনৰ বাবে কৃষকে ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ কৃষি বিভাগ

ৰঙিয়াত News18ৰ বাতৰিৰ প্ৰভাৱ, লকডাউনৰ বাবে কৃষকে ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ কৃষি বিভাগ

News18ৰ বাতৰিৰ পিছতে কৃষকৰ কাষত কৃষি বিষয়া।

News18ৰ বাতৰিৰ পিছতে কৃষকৰ কাষত কৃষি বিষয়া।

News18ৰ বাতৰিৰ পিছতে কৃষকৰ কাষত কৃষি বিষয়া।

  • Share this:
ৰঙিয়াত News18ৰ বাতৰিৰ প্ৰভাৱ। যোৱা ২০ এপ্ৰিলত News18ত সম্প্ৰচাৰ হৈছিল ৰঙিয়াৰ হাচানটুকৰ খেতিয়ক সকলে লকডাউনৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ বাতৰি । বজাৰত বিক্ৰী কৰিব নোৱাৰাৰ বাবে পথাৰতে পচিবলৈ ধৰিছিল বিলাহী, ৰঙালাও, বন্ধাকবি, বেঙেনা, ভেন্দি, জিকা, স্কোৱাচ, তিঁয়হ সকলো । এই বাতৰিটো প্ৰচাৰ হোৱাৰ পিছতে তৎপৰ হৈছিল কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে ৰঙিয়া মহকুমা প্ৰশাসন । তৎক্ষণিকভাৱে নিৰ্দেশ দিলে কৃষি বিভাগক ব্যৱস্থা গ্ৰহণৰ।

লকডাউনৰ বাবে বিক্ৰী কৰিব নোৱাৰা ৰবি শস্যসমুহ বিক্ৰীৰ বাবে ভেণ্ডৰ ঠিক কৰি এইসকল লোকক কিছু সকাহ দিবলৈ চেষ্টা কৰিছে কৃষি বিভাগে । ইতিমধ্যে খেতি পথাৰতেই বহুখিনি শস্য নষ্ট হৈ গৈছে যদিও বাকী থকা শস্যখিনি বজাৰলৈ নিবলৈ সেউজী এফপিচিৰ জৰিয়তে সুবিধা কৰি দিয়া হৈছে । বাকী থকা শস্যৰ যাতে উচিত মূল্য কৃষকে লাভ কৰে তাৰ ওপৰত নজৰ দিয়াৰ লগতে অনাগত দিনত খেতিয়কসকলক  চৰকাৰী আঁচনি সমুহত সামৰি লোৱাৰ আশ্বাস দিছে কৃষি বিভাগে । 
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি