মুখ্যপৃষ্ঠা »খবৰ »অসম »Scam in PM Kisan Sanman Nidhi : অসম দেশৰ বিষম কথা, হিতাধিকাৰীৰ পৰা ধন ওভটাই বিচাৰি চৰকাৰী বিভাগৰ বিজ্ঞাপন !

Scam in PM Kisan Sanman Nidhi : অসম দেশৰ বিষম কথা, হিতাধিকাৰীৰ পৰা ধন ওভটাই বিচাৰি চৰকাৰী বিভাগৰ বিজ্ঞাপন !

অসমত ৰাজ্য চৰকাৰে তদন্ত কৰি ৫ লাখ ৮ হাজাৰ ভূৱা কৃষক চিনাক্ত কৰিছে ৷ এই সকলক ৰাজ্যৰ কৃষি বিভাগে বিজ্ঞাপনৰ দ্বাৰা জিলা কৃষি বিষয়াৰ জড়িয়তে প্ৰাপ্য ধন চৰকাৰক ঘুৰাই দিবলৈ আহ্বান জনাইছে ৷

  • Share this:
"প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি (PM Kisan Sanman Nidhi)ত প্ৰকৃত কৃষকৰ বিপৰীতে অ-কৃৃষকৰ নাম অন্তৰ্ভুক্ত হৈছে ৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দৰেই ডঃ হিমন্ত বিশ্ব শৰ্মা(Dr. Himanta Biswa Sarma) চৰকাৰেও খুব সুক্ষ্মভাৱে বিষয়টো চোৱা-চিতা কৰি আছে ৷ এই ক্ষেত্ৰত জিলা উপায়ুক্তসকলক কঠোৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ৷ কিন্তু যদিহে কোনো অকৃষকে প্ৰধান মন্ত্ৰী কিষাণ বিকাশ যোজনাৰ ধন লাভ কৰিছে তেন্তে সেই ধন ঘুৰাই দিবই লাগিব ৷ চৰকাৰে অকৃষকক অনুৰোধ জনাইছে ৷ প্ৰয়োজনত এই ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'ব"। বোকাখাতত কৃষিমন্ত্ৰী অতুল বৰা (Atul Bora)ই কৰিছে এই মন্তব্য।

প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ জড়িয়তে একোটা কিস্তিত ২ হাজাৰকৈ মুঠ ৩টা কিস্তিত ৬ হাজাৰ টকা কৃষকৰ একাউণ্টত সোমোৱাৰ কথা ঘোষণা কৰিছিল প্ৰধান মন্ত্ৰীয়ে ৷ ২০১৮ চনৰ ১ ডিচেম্বৰত ঘোষণা কৰা আঁচনি অনুসৰি অসমত ৩১,২২,৪৯৯ জন হিতাধিকাৰীয়ে আঁচনিৰ সুবিধা লাভ কৰে ৷ নিৰ্দিষ্ট পৰিমাণৰ ভূমি থকাৰ লগতে অন্যান্য যোগ্যতা থকা কৃষকেহে এই সুবিধা লাভ কৰাৰ নীতি থকাৰ পাছতো চৰকাৰী কৰ্মচাৰী, উদ্যোগপতি, ভূমিহীন তথা ব্যৱসায়ীয়েও হিতাধিকাৰীৰ ৰূপত ধন লাভ কৰে ৷

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক বিষয়টো আঙুলীয়াই দিয়াত ৰাজ্য চৰকাৰে তদন্ত আৰম্ভ কৰি বহু কৃষকৰ যোগ্যতা নাকচ কৰে ৷ কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতে, অসমত ১৪%,পঞ্জাৱত ২৩% আৰু মহাৰাষ্ট্ৰত ১৭% ভূৱা কৃষকে আঁচনিৰ ধন আত্মসাৎ কৰে ৷

অসমত ৰাজ্য চৰকাৰে তদন্ত কৰি ৫ লাখ ৮ হাজাৰ ভূৱা কৃষক চিনাক্ত কৰিছে ৷ এই সকলক ৰাজ্যৰ কৃষি বিভাগে বিজ্ঞাপনৰ দ্বাৰা জিলা কৃষি বিষয়াৰ জড়িয়তে প্ৰাপ্য ধন চৰকাৰক ঘুৰাই দিবলৈ আহ্বান জনাইছে ৷ কিন্তু হিতাধিকাৰী নিৰ্বাচন প্ৰক্ৰিয়া কৃষি বিষয়াৰ দ্বাৰা হোৱাৰ পাছতো আঁচনিখনত ব্যাপক অনিয়ম সংঘটিত হয় ৷ চৰকাৰৰ আহ্বান বা ভাবুকিৰ ওচৰত ভুৱা কৃষকৰ সহাৰি কেনে হয় সেয়া লক্ষণীয় হ'ব ৷

শেহতীয়া বাতৰি