உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসমৰ কৃষি অৰ্থনীতি সলনি কৰাৰ উদ্দেশ্যে অচিৰেই কৃষকৰ মাজলৈ আহি আছে 'নুমলী'

    অসমৰ কৃষি অৰ্থনীতি সলনি কৰাৰ উদ্দেশ্যে অচিৰেই কৃষকৰ মাজলৈ আহি আছে 'নুমলী'

    " আমাৰ পথাৰ আমাৰ বজাৰ তেতিয়াহে সফল হ'ব যেতিয়া আমি পথাৰখনক বজাৰলৈ ৰূপান্তৰ কৰিব পাৰিম।'

    " আমাৰ পথাৰ আমাৰ বজাৰ তেতিয়াহে সফল হ'ব যেতিয়া আমি পথাৰখনক বজাৰলৈ ৰূপান্তৰ কৰিব পাৰিম।'

    " আমাৰ পথাৰ আমাৰ বজাৰ তেতিয়াহে সফল হ'ব যেতিয়া আমি পথাৰখনক বজাৰলৈ ৰূপান্তৰ কৰিব পাৰিম।'

    • Share this:

    অসম কৃষি বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ক'লাধানৰ  চাউলৰ ভাত খাই অসমৰ জনসাধাৰণে অধিক  পৰিপুষ্টি অৰ্জন কৰাই নহয় এই ধানৰ খেতি কৰি অসমত কৃষকসকল অধিক উপকৃত হোৱাৰ দিশে আগবাঢ়িছে । কৃষিভিত্তিক  অসমৰ অৰ্থনীতি সলনি কৰি দিব পৰাৰ সম্ভাৱনা  থকা ক'লাধানৰ ২০ কুইন্টল বীজ উৎপাদনৰ জৰিয়তে এই দিশত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে ।


    শনিবাৰে গোলাঘাটৰ মেৰাপানীৰ গমাৰিগুৰি গাঁৱত পৰীক্ষামূলকভাৱে কৰা ক'লাধানৰ খেতিৰ ধান কটা আৰম্ভ হোৱাৰ লগে লগে এই দিশত নতুন সম্ভাৱনাৰ সৃষ্টি হৈছে । একে সময়তে বছৰি দুটা খেতি কৰি অসমৰ কৃষি অৰ্থনীতি সলনি কৰাৰ বাবে 'নুমলী' নামৰ আন এটা কম সময়ৰ ধানৰ জাতো  কৃষকৰ মাজলৈ অহা বৰ্ষত মুকলি কৰি দিব অসম কৃষি বিশ্ববিদ্যালয়ে।


    মেৰাপানীৰ চাউদাং পথাৰ  গাঁৱত 'নুমলী'  ধানৰ ধানকটা পৰ্ব আৰম্ভ হোৱাৰ লগে লগে এই দিশতো সম্ভাৱনাৰ সৃষ্টি হৈছে। মেৰাপানীৰ গমাৰিগুৰি আৰু চাউদাং পথাৰ গাঁৱত অসম কৃষি বিশ্ববিদ্যালয়ৰ তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ  উদ্যোগত পথাৰ দিৱস পালন কৰি অসমৰ কৃষি অৰ্থনীতিৰ সম্ভাৱনাৰ এই দুটা দিশ মুকলি কৰা হয় । পথাৰ দিৱসৰ এই কাৰ্যসূচীত বক্তব্য ৰাখি অসম কৃষি  বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই কয় যে  ভাল বীজ অবিহনে এটা ভাল খেতি কেতিয়াও হ'ব নোৱাৰে ।


    "আমাৰ পথাৰ আমাৰ বজাৰ তেতিয়াহে সফল হ'ব যেতিয়া আমি পথাৰখনক বজাৰলৈ ৰূপান্তৰ কৰিব পাৰিম। কৃষকে কেৱল উৎপাদনৰ  লগতে বজাৰৰ দিশৰ ওপৰতো গুৰুত্ব দিব লাগিব। কেৱল  কৰিব লাগে কাৰণে খেতি কৰাৰ সলনি হিচাপ-নিকাচ ভালকৈ কৰিব লাগিব। ধান কাটি ওজন লোৱালৈকে সকলো চাই কৃষিক প্ৰকৃতপক্ষে বাণিজ্যলৈ  ৰূপান্তৰ কৰিব লাগিব।" -অসম কৃষি  বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই  এনেদৰে কয় ।


    এই অনুষ্ঠানত তিতাবৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী  ড° সঞ্জয় কুমাৰ চেতিয়াই জানিবলৈ দিয়ে যে গমাৰিগুৰি গাঁওত উৎপাদিত বীজৰ জৰিয়তে অহা বছৰ ২০০ বিঘা মাটিত ক'লা ধানৰ খেতি কৰি ২০০ টন বীজ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।


     বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে জলবায়ু পৰিৱৰ্তনৰ প্ৰেক্ষাপটত  অসমৰ কৃষি ব্যৱস্থাত জাত নিৰ্বাচন আৰু সময়োচিত প্ৰযুক্তি  ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । এই দিশত অসম কৃষি বিশ্ববিদ্যালয়েও জলবায়ু পৰিৱৰ্তনে অনা সমস্যা মোকাবিলা কৰিব পৰা জাত নিৰ্বাচন কৰি কৃষকক উপকৃত কৰিবলৈ যত্ন কৰাৰ বিষয়ে জানিবলৈ দিয়ে ড০ পাঠকে।


    উচ্চ উৎপাদনক্ষম এইসমূহ জাতৰ জৰিয়তে কৃষকসকল উপকৃত হোৱাৰ লগতে এই জাতৰ ধানৰ খেতি কৰি বীজ উৎপাদন কৰি দুগুণ আয় কৰিবলৈ সক্ষম হ'ব কৃষকসকল। জলবায়ু স্থিতিশীলতা প্ৰকল্পৰ অধীনত এই পথাৰ দিৱসৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় ।

    Published by:Gautam Barman
    First published: