অসম গণ পৰিষদ দলে ৰাজ্যৰ আগন্তুক পঞ্চায়ত আৰু লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি মঙলদৈ জিলা পুথিভঁৰাল প্ৰাংগণত মঙলদৈ লোকসভা সমষ্টিভিত্তিক এখন বিশাল কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত কৰে।
সন্মিলনখনত সভাপতিত্ব কৰে দলৰ সভাপতি তথা অসম চৰকাৰৰ মন্ত্রী অতুল বৰাই। কামৰূপ জিলা পৰিষদ,ৰঙিয়া জিলা পৰিষদ,নলবাৰী জিলা পৰিষদ, ওদালগুৰি জিলা পৰিষদ আৰু মঙলদৈ জিলা পৰিষদৰ সভাপতি, সম্পাদকসকল,মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত কমলপুৰ,ৰঙিয়া,নলবাৰী,পানেৰী কলাইগাঁও,ছিপাঝাৰ,মঙ্গলদৈ,দলগাঁও,ওদালগুৰি আদি বিধানসভা সমষ্টিসমূহৰ সভাপতি, সম্পাদককে প্ৰমুখ্য কৰি বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ লগতে ভাতৃ-ভগ্নী সংগঠনসমূহৰ সদস্যসকলো উপস্থিত থাকে।
সভাত অনাগত লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰা হয়। দলৰ সভাপতিগৰাকীয়ে দলটোক অধিক শক্তিশালী কৰাৰ স্বাৰ্থত দলীয় কৰ্মকৰ্তাসকলক জনসংযোগ বৃদ্ধিৰ বাবে নিষ্ঠা আৰু সমৰ্পিত মনোভাবেৰে আগ বাঢ়িবলৈ আহ্বান জনোৱাৰ লগতে দললৈ আৰু অধিক ডেকা তেজৰ আগমন ঘটাবলৈ বদ্ধপৰিকৰ বুলি বক্তব্য ৰাখে।
বৰাই কংগ্ৰেছৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা মাহী আইৰ দৃষ্টিৰ আজিও পৰিৱৰ্তন নহ'ল বুলি বিষোদগাৰ কৰাৰ লগতে নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰাৰ শেহতীয়া নিৰ্বাচনত মুখথেকেচা খাই উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম অংগৰাজ্যকেইখনৰ জনমতক তাচ্ছিল্য কৰি সৰু সৰু নিৰ্বাচন বুলি মল্লিকাৰ্জুন খাৰ্গেই কৰা মন্তব্যক তীব্র গৰিহণা দিয়ে।
এই মন্তব্য মূলতঃ মেঘালয় নিৰ্বাচনত শোচনীয় পৰাজয় ঢাকিবলৈ কৰা মন্তব্য আৰু এয়া সমগ্র উত্তৰ-পূৰ্বাঞ্চলৰ জনগণৰ বাবে অপমানসূচক বুলি বৰাই মন্তব্য কৰে। ইয়াৰ উপৰি তেওঁ কংগ্রেছ এতিয়া অস্তমিত সূৰ্য বুলি কংগ্রেছৰ কেন্দ্রীয় নেতৃত্বৰ পৰা অসমৰ ৰাজ্যিক নেতৃত্বলৈ ৰাইজৰ লগত ন্যূনতম জনসংযোগ নোহোৱাৰ বিষয়টো দাঙি ধৰি কংগ্রেছক জনসংযোগবিচ্ছিন্ন হতাশাগ্রস্ত দল বুলি অভিহিত কৰে।
দলৰ কৰ্মকৰ্তাসকলক উত্তৰ-পূব বিৰোধী কংগ্রেছ দলৰ বিৰুদ্ধে মাৰবান্ধি থিয় হ'বলৈ সভাপতিগৰাকীয়ে উদাত্ত কন্ঠে আহ্বান জনায়। সভাত অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে কৰ্মীসকলৰ কৰ্মস্পৃহা আৰু পৰিকল্পনাৰ ওপৰতেই দলৰ সফলতা নিৰ্ভৰ কৰে।
আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলে আশানুৰূপ ফলাফল দেখুওৱাৰ বাবে দলৰ প্ৰতিগৰাকী সদস্যক এতিয়াৰে পৰা একাগ্ৰতাৰে কাম-কাজত আত্মনিয়োগ কৰিবলৈ আৰু সন্মুখলৈ অহা প্ৰত্যাহ্বানকো নেওচি প্ৰতিজন দলীয় বিষয়ববীয়া, সদস্যক নিৰন্তৰভাৱে দলৰ পৰিকাঠামো সুদৃঢ় কৰিবলৈ কাৰ্যকৰী সভাপতি মহন্তই আহ্বান জনায়।সভাত দলৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰবীণ হাজৰিকা,মনোজ শইকীয়া,সত্যব্ৰত কলিতা,দলৰ উপ সভাপতি আক্ৰাম হুছেইন, ডঃ জয়নাথ শৰ্মা,সুনীল ডেকা, ডঃ ৰঞ্জিত ডেকা, প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস, প্ৰাক্তন বিধায়ক মহেন্দ্র মোহন চৌধুৰী, হীৰেন দাস, ভূপেন ৰায়, তথ্য প্ৰচাৰ সম্পাদক ডঃ তপন দাস, মংগলদৈ বিধান পৰিষদৰ সভাপতি কমলেশ্বৰ বৰুৱা, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহাই,অসম ছাত্র পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা,অসম মহিলা পৰিষদৰ সভানেত্রী বৰোদা কলিতা,অসম কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্যকে প্ৰমুখ্য কৰি ভাতৃ ভগ্নী সংগঠনসমূহৰ সভাপতি, সম্পাদকসকলৰ লগতে বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
সভাত দলে সাংগঠনিক দিশটো অধিক টনকিয়াল কৰাৰ উদ্দেশ্যে কিছু বিশেষ কৰ্মসূচী ঘোষণা কৰে।উক্ত কৰ্মসূচী অনুসৰি লোকসভা সমষ্টিৰ অন্তৰ্গত বিধান পৰিষদৰ মণ্ডল পৰিষদ আৰু পঞ্চায়ত পৰিষদ সমূহ তথা ৱাৰ্ড পৰ্যায়ত সাংগঠনিক সভা-সমিতি অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে আৰু সেইমৰ্মে কিছু যোগ্য পৰ্যবেক্ষক নিযুক্তি দিয়ে।
Published by: Gautam Barman
FIRST PUBLISHED : March 12, 2023, 21:54 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।