"জনগাঁথনি সলনি হৈছে সমষ্টি সমুহৰ, সেয়ে আমি জিকিব নোৱাৰোঁ। আসন দাবী কৰা আৰু খেলাটো ডাঙৰ কথা নহয়, কিন্তু জয় হ'ব নোৱাৰিম।"
আগন্তুক উপ নিৰ্বাচনত এটা সমষ্টিতো প্ৰাৰ্থীত্ব নিদিয়ে অসম গণ পৰিষদ দলে। বিজেপিৰ মিত্ৰদল তথা বৰ্তমান চৰকাৰৰ অংশীদাৰ দলটোৱে এটাও সমষ্টিত প্ৰাৰ্থী নিদিয়াৰ কথা ঘোষণা কৰিছে অগপ সভাপতি অতুল বৰাই।
উল্লেখ্য যে উপ নিৰ্বাচন হ'বলগীয়া ছয়টা সমষ্টিতে পূৰ্বে আছিল অগপৰ বিধায়ক। কিন্তু এতিয়া এজনো প্ৰাৰ্থী দিবলৈ সাহস কৰা নাই আঞ্চলিক দলটোৱে।
অগু সভাপতি অতুল বৰাই কয়, "ছয়খনআসনতে আমি পূৰ্বতে জিকিছিলোঁ, কিন্তু এতিয়া নোৱাৰোঁ।" এই অকপট স্বীকাৰোক্তি অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ।
"জনগাঁথনি সলনি হৈছে সমষ্টি সমুহৰ, সেয়ে আমি জিকিব নোৱাৰোঁ। আসন দাবী কৰা আৰু খেলাটো ডাঙৰ কথা নহয়, কিন্তু জয় হ'ব নোৱাৰিম।"
তেওঁ আকৌ কয় যে ২০২১ৰ বিধানসভা নিৰ্বাচনত ভৱানীপুত আমি হাৰিছোঁ। গতিকে আকৌ প্ৰাৰ্থী দিয়াৰ কথা ভবা নাই।
৩০ অক্টোৱৰত গোসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হ'ব বিধান সভাৰ উপ নিৰ্বাচন। মাজুলীত উপ নিৰ্বাচনৰ দিন ঘোছণা কৰা হোৱা নাই যদিও ইপ নিৰ্বাচন নিশ্চিত হৈ আছে।
উল্লেখ্য যে অগপই একমাত্ৰ দল যি এই ছয়োটা সমষ্টিতে পূৰ্বে বিধায়ক জয় কৰাইছিল।
ভৱানীপুৰ সমষ্টিত অভিলেখ সংখ্যক চাৰিবাৰ অগপ বিধায়ক জয়ী হৈছিল।
মাজুলী সমষ্টিতো চাৰিবাৰ জয় হৈছিল অগপ প্ৰাৰ্থী
গোসাইগাঁও আৰু থাওৰাৰ অগপ বিধায়কে পাইছিল মন্ত্ৰীত্বৰ সোৱাদ।
তামুলপুৰত ভবেন নাৰ্জাৰী আৰু মৰিয়নিত নৰেন তাঁতী অগপৰ বিধায়ক আছিল।
অগপৰ পশ্চাদপসৰণৰ বিপৰীতে ভৱানীপুৰ, গোসাইগাঁও সমষ্টিত প্ৰাৰ্থী দিব AIUDFএ। ভৱানীপুৰত AIUDFৰ পেনেলত নাম আছে ৰঞ্জিত খেৰকাটাৰী আৰু দ্বীপেন ৰামচিয়াৰীৰ। আনহাতে গোসাইগাঁও সমষ্টিৰ পেনেলত নাম আছে খাইৰুল আনাম আৰু কমল সিং নাৰ্জাৰীৰ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|