‘আমবাৰীয়ে শূন্য পাব, ২০২১ত শূন্য হ'ব অগপ!’

News18 Assam | News18-Assam
Updated:September 13, 2020, 5:46 PM IST
‘আমবাৰীয়ে শূন্য পাব, ২০২১ত শূন্য হ'ব অগপ!’
কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিকদাৰক কাউণ্টাৰ মমিনুল আৱালৰ।

কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিকদাৰক কাউণ্টাৰ মমিনুল আৱালৰ।

  • News18 Assam
  • Last Updated: September 13, 2020, 5:46 PM IST
  • Share this:
২০২১ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁট শক্তিক প্ৰতিহত কৰিবলৈ বাঘে–ছাগে একেটা ঘাটতে পানী খাবলৈ সাজু৷ AIUDFৰে মিত্ৰতা প্ৰায় চূড়ান্ত হোৱাৰ সময়তে আছুৰ নতুন ৰাজনৈতিক দললৈও মিত্ৰতাৰ প্ৰস্তাৱ কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ ৷ ইফালে কা স্পষ্টকৈ বিৰোধ নকৰাৰ বাবে ২১ত অগপ শূন্য হ'ব বুলি কটাক্ষ বিধায়কগৰাকীৰ৷

প্ৰসংগ আছিল কংগ্ৰেছ-AIUDFৰ মিত্ৰতাৰ লাভ লোকচান৷ কংগ্ৰেছৰ সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে এই প্ৰসংগতে ক'লে – ২০২১ত পৰাভূত হ'ব কা সমৰ্থনকাৰী শক্তি৷

"CAA বাতিলৰ স্বাৰ্থতে মিত্ৰতা AIUDFৰে৷ আছুৰ নতুন দললৈও আমি প্ৰস্তাৱ দিছো৷ আমি CAAৰ বিৰোধিতা কৰি যাম৷ যি সৰ্বানন্দ সোণোৱালৰ আৰক্ষীয়ে পাঁচজনকৈ তেজাল যুৱকৰ প্ৰাণ ল'লে তাৰ দাম ৰাইজে দিব নিৰ্বাচনত৷ আছুৰ যি নতুন দল সেই দলেও কা নিবিচাৰে৷ গতিকে আমাৰ একেই বিচাৰধাৰাৰ যিসকল আছো আমি সকলো মাৰ বান্ধি থিয় দিম৷"– মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ।

শিকদাৰৰ যুক্তি, কা বাতিলৰ বাবে আছুৰ নতুন আঞ্চলিক দলটোক লাগিব ৰাষ্ট্ৰীয় দলৰ সমৰ্থন৷ আছুৱে জন্ম দিয়া অগপ দলৰ নেতৃত্বই অসমবাসীৰ আৱেগৰে খেলা কৰা বুলি কৈ শিকদাৰে লগতে ক'লে, "২০২১ত বিগ ব্ৰাডাৰ বিজেপিৰ ষড়যন্ত্ৰৰ বাবে দিছপুৰত শূন্য হ'ব অগপৰ বিধায়ক৷ আমবাৰীয়ে পাব শূন্য৷ অগপৰ সকলো বিশ্বাসঘাতক নহয়৷ কিন্তু যিসকল নেতাই ক্ষমতাৰ খকত ৰাইজক বিশ্বাসঘাতকতা কৰিলে, সেইসকলে হেৰুৱাব ভৰিৰ তলৰ মাটি ৷" – ক’লে জাকিৰ হুছেইন শিকদাৰে।

ইফালে, কংগ্ৰেছ-AIUDFৰ মিত্ৰতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শিকদাৰক কাউণ্টাৰ মমিনুল আৱালৰ। আৱালৰ মতে, "দেশী মুছলমানে ভোট দিব বিজেপিকহে৷ কংগ্ৰেছে আই ইউ ডি এফৰ প্ৰব্ৰজনকাৰী প্ৰীতি নামানে মূলসূতিৰ অসমীয়া মুছলমানে৷ উজনিত সেয়ে ভেটি উচন হ'ব কংগ্ৰেছৰ৷  নামনি অসমৰো বহু ঠাইত হ'ব দুয়ো দলৰ খহনীয়া৷"

এইদৰেই অব্যাহত আছে কংগ্ৰেছ–বিজেপিৰ বাকযুদ্ধ৷ সময়েহে ক'ব অসমত মিত্ৰতাৰ ৰাজনীতিয়ে কোন দিশে গতি কৰে৷
Published by: Sanjay Kumar Das
First published: September 13, 2020, 5:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading