এতিয়াই অসমলৈ নাযাও, দিল্লীতে থাকি আলোচনা কৰিয়েই থাকিম!

News18 Assam | News18-Assam
Updated:December 20, 2019, 3:06 PM IST
এতিয়াই অসমলৈ নাযাও, দিল্লীতে থাকি আলোচনা কৰিয়েই থাকিম!
Source-Google

নাগৰিকত্ব সংসোধনী আইনৰ সমৰ্থন কৰি গণভিত্তি হেৰুৱাই, এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাক আইন খনৰ আওতাৰ পৰা আঁতৰ কৰিব লাগে বুলি অন্য এখন নাটক অগপ নেতৃত্বৰ।

  • Share this:
নাগৰিকত্ব সংশোধনী আইনক সৰ্মৰ্থন কৰি ৰাজ্যসভাত একমাত্ৰ ভোটতো বিধেয়কখনৰ পক্ষত দি অসমীয়াৰ ৰোষত পৰা অসম গণ পৰিষদৰ শীৰ্ষ নেতৃত্বই এতিয়া  নিজকে আত্মগোপন কৰি ৰাখিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। ক্ষমতাৰ লালসাত তিনি ‘জাতীয়তাবাদী’ মন্ত্ৰী ক্ৰমে অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীয়ে এতিয়া  দলটোৰ কেইজনমান শীৰ্ষস্থানীয় নেতাক লগত লৈ দিল্লীত অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ গৈছে।

অগপৰ এতিয়া নতুন দাবী, ‘ব্ৰহ্মপুত্ৰ উপত্যকাক নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা আঁতৰত ৰাখক।’ অগপই কৰা এই ‘নাটক’খনৰ পিছত তিনিওগৰাকী ‘আঞ্চলিকতাবাদী’ মন্ত্ৰীক তীব্ৰ ককৰ্থনা কৰা হৈছিল বিভিন্ন মাধ্যমত।

এতিয়া নিজৰ সমষ্টিতে একেবাৰেই পানীত হাঁহ নচৰা অৱস্থা হৈছে তিনিওগৰাকী অগপ মন্ত্ৰীৰ লগতে একাংশ শীৰ্ষস্থানীয় অগপ নেতাৰ। ফলস্বৰূপে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ ৰাওনা হৈছিল অগপ নেতৃত্ব। কিন্তু এতিয়া লৈকে বৈঠকখনৰ সম্পৰ্কে কোনো ধৰণৰ মন্তব্য দিয়া নাই আঞ্চলিকতাবাদী নেতাসকলে। আনকি দিল্লীত থাকিয়েই ৰাজ্যৰ পৰিস্থিতি কিছু সুস্থিৰ হোৱালৈ অগপ নেতৃত্বই অপেক্ষা কৰিছে বুলি বিভিন্ন মহলত চৰ্চা চলিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading