• Home
  • »
  • News
  • »
  • assam
  • »
  • AGP: সংখ্যালঘু অধ্যুষিত অঞ্চলত অসম গণ পৰিষদৰ সাংগঠনিক তৎপৰতা বৃদ্ধি ৷ বৰপেটাৰ পালহাজীত ২ হাজাৰৰো অধিক লোকৰ অগপত যোগদান ৷

AGP: সংখ্যালঘু অধ্যুষিত অঞ্চলত অসম গণ পৰিষদৰ সাংগঠনিক তৎপৰতা বৃদ্ধি ৷ বৰপেটাৰ পালহাজীত ২ হাজাৰৰো অধিক লোকৰ অগপত যোগদান ৷

AGP: মন্ত্ৰী কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী, তাৰা প্ৰসাদ দাস, গুণীন্দ্ৰ নাথ দাস, কুমাৰ দীপক দাস, ভূপেন ৰয় আদি নেতাসকলৰ উপস্থিতিত গাঁও পঞ্চায়তৰ নিৰ্বাচিত জনপ্ৰতিনিধিসহ প্ৰায় ২ হাজাৰোধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে অগপত যোগদান কৰে ৷

  • Share this:
ক্ৰমাৎ সংখ্যালঘু অধ্যুষিত অঞ্চলত বৃদ্ধি পাইছে অসম গণ পৰিষদৰ সাংগঠনিক তৎপৰতা ৷  অগপ-বিজেপি মিত্ৰজোঁটৰ ৰণ কৌশল অনুসৰি অগপই সংখ্যালঘু অধ্যুষিত অঞ্চল সমুহত সভা সমিতি অনুষ্ঠিত কৰি ব্যাপকভাৱে সংখ্যালঘু লোকক অগপত যোগদান কৰাই থকা হৈছে ৷ মুলতঃ পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অগপই আৰম্ভ কৰা সাংগঠনিক তৎপৰতাৰ অংশ হিচাপে বুধবাৰে বৰপেটা বিধান পৰিষদৰ উদ্যোগত আৰু অগপ আজাদ আঞ্চলিক সমিতিৰ সহযোগত বৃহৎ যোগদান সভা অনুষ্ঠিত হয় ৷

মন্ত্ৰী কেশৱ মহন্ত, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী, তাৰা প্ৰসাদ দাস, গুণীন্দ্ৰ নাথ দাস, কুমাৰ দীপক দাস, ভূপেন ৰয় আদি নেতাসকলৰ উপস্থিতিত গাঁও পঞ্চায়তৰ নিৰ্বাচিত জনপ্ৰতিনিধিসহ প্ৰায় ২ হাজাৰোধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে অগপত যোগদান কৰে ৷
আজি যোগদান সমাৰোহত অংশগ্ৰহণ কৰা মন্ত্ৰী কেশৱ মহন্তই মুলতঃ পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনক লক্ষ্য কৰি সাংগঠনিক তৎপৰতা আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰে ৷ বিশেষকৈ আগন্তুক পঞ্চায়ত নিৰ্বাচনত ধুবুৰী, গোৱালপাৰা, বৰপেটাকে ধৰি নামনি অসমত অগপই বিশেষ প্ৰভাৱ পেলাব বুলি দাবী কৰে ৷

ইপিনে লোকসভা নিৰ্বাচনত অগপই বৰপেটা আসনখন লাভ কৰিব নে বিজেপিয়ে নিজা প্ৰাৰ্থী থিয় কৰায় তাক লৈ সৃষ্টি হৈছে বৃহৎ প্ৰশ্নৰ ৷ অবশ্যে বৰপেটা আসনখন অগপক এৰি দিব বুলিয়েই আশাবাদী মন্ত্ৰী কেশৱ মহন্ত ৷
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি