உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘অসমৰ ৰাজনীতিত কোৰোণা ভাইৰাছতকৈও কংগ্ৰেছ ভয়ানক’ – ক’লে অগপ সভাপতি অতুল বৰাই

    ‘অসমৰ ৰাজনীতিত কোৰোণা ভাইৰাছতকৈও কংগ্ৰেছ ভয়ানক’ – ক’লে অগপ সভাপতি অতুল বৰাই

    ১০২নং টীয়ক বিধানসভা সমষ্টিত আজি এক প্ৰকাৰ ৰণশিঙা বজালে অগপই।

    ১০২নং টীয়ক বিধানসভা সমষ্টিত আজি এক প্ৰকাৰ ৰণশিঙা বজালে অগপই।

    ১০২নং টীয়ক বিধানসভা সমষ্টিত আজি এক প্ৰকাৰ ৰণশিঙা বজালে অগপই।

    • Share this:
    "কংগ্ৰেছ কোৰোণা ভাইৰাছতকৈয়ো ভয়ানক। কংগ্ৰেছে ভাইৰাছ খেদিবলৈ আজমলৰ জৰা পানী খাইছে।" – এই কটাক্ষ অগপ সভাপতি অতুল বৰাৰ। দেওবাৰে টীয়কত আয়োজিত বিশাল ঐক্য সমাৰোহত অংশ লৈ অগপ সভাপতি অতুল বৰাই আক্ৰমণৰ লক্ষ্য কৰি লয় একেৰাহে তিনিবাৰকৈ শাসন বাঘজৰী ধৰা কংগ্ৰেছক।

    ভাষণ প্ৰসংগত পুৰ্বতে অগপই কৰা ভুল-ভ্ৰান্তিৰ বাবে ৰাইজৰ ওচৰত ৰাজহুৱা ক্ষমা বিচাৰি বৰ্তমান অগপৰ ভেটি সবল বুলি মন্তব্য কৰে। ইপিনে কংগ্ৰেছৰ দিনত স্থবিৰ  হৈ পৰা উন্নয়নৰ ধাৰা বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰে পুনৰ বোৱাবলৈ সক্ষম হৈছে আৰু অগপ ইয়াৰ সহযাত্ৰী বুলিও মতপোষণ কৰে বৰাই।

    আনহাতে, বিজেপিৰে মিত্ৰতাক পৰিহাৰ কৰি অগপৰ সাংগঠনিক স্থিতি কিমান সবল বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় - যিহেতু অগপ আৰু বিজেপিৰ মিত্ৰতা অহা নিৰ্বাচনক লৈ অক্ষুন্ন থাকিব, সেয়ে সমূহীয়াভাৱে ক্ষমতা দখলৰ ৰণনীতি তৈয়াৰ কৰিছে।

    উক্ত সমাৰোহত অগপৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই অংশ লৈ নতুনকৈ গঠন হোৱা আঞ্চলিকতাবাদী ৰাজনৈতিক শক্তিক আক্ৰমণৰ লক্ষ্য কৰি লয়।ছবছৰীয়া অসম আন্দোলনত ভুমিস্থ হোৱা অগপইহে একমাত্ৰ ৰাইজৰ পক্ষত থকা আঞ্চলিক শক্তি বুলি কৈ দুমাহ আন্দোলন কৰি ৰাজনৈতিক দল খুলি ৰাজ্যসভালৈ যোৱা অথবা জন্ম হৈ ভুৱা প্ৰতিশ্ৰুতি দিয়া দুমহীয়া ৰাজনৈতিক দলক ৰাইজে কেতিয়াও গুৰুত্ব প্ৰদান নকৰে বুলি মন্তব্য কৰে।

    উল্লেখযোগ্য যে ১০২নং টীয়ক বিধানসভা সমষ্টিত আজি এক প্ৰকাৰ ৰণশিঙা বজালে অগপই। প্ৰায় দহ সহস্ৰাধিক জনতাক লৈ  আয়োজন কৰা উক্ত ঐক্য সমাৰোহৰ জৰিয়তে প্ৰদৰ্শন কৰিলে অগপৰ স্থিতি।

    একপ্ৰকাৰ অগপৰ আমবাৰী উবুৰি খাই পৰা টীয়ক সমষ্টিত অগপই আয়োজন কৰা ঐক্য সমাৰোহে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি চৰ্চা চলিছে। কিয়নো মিত্ৰজোঁটৰ অগপ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ দখলত থকা টীয়ক সমষ্টিত এইবাৰ বিজেপিয়ে এগৰাকী নিজা দলীয় প্ৰাৰ্থী প্ৰক্ষেপৰ দাবী তুলি আহিছে বিজেপিৰ তৃণমূল নেতা-কৰ্মীয়ে।

    সমান্তৰালভাৱে অগপৰ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়াৰ নেতৃত্বত এক সবল দলীয় শক্তি তৈয়াৰ যে কৰিছে, সেয়া আজিৰ সমাৰোহে প্ৰমাণ কৰিলে। বিভিন্ন মহলত চলা চৰ্চা অনুসৰি, টীয়ক সমষ্টিৰ অগপ নেতৃত্বৰ লগতে দলীয় কৰ্মীয়ে অহা নিৰ্বাচনত বিকাশ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদানৰ সবল দাবী উত্থাপন কৰিছে।

    লক্ষণীয় যে এই ঐক্য সমাৰোহত  টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালী, ৰাজ্যিক সম্পাদক হিৰণ্য কোঁৱৰ, নৰুল চুলতান, যুৱ পৰিষদদৰ সভাপতি জিতু বৰগোহাঁই, ছাত্র পৰিষদৰ সভাপতি ত্ৰিণয়ন বৰুৱা, তথ্য প্ৰযুক্তিৰ সম্পাদক মণিমাধৱ মহন্তকে মুখ্য কৰি অধিকাংশ বিষয়ববীয়াই অংশ লয়। এই সভাতেই আঞ্চলিক দলটোৱে  ম'বাইলৰ জৰিয়তে মিছ কল দি সদস্যভৰ্তি অভিযানৰ শুভাৰম্ভ কৰে।
    Published by:Sanjay Kumar Das
    First published: