আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আঞ্চলিক দল অসম গণ পৰিষদ। নাগৰিকত্ব সংশোধনী আইন ‘কা’ সম্পৰ্কত ৰাজপথৰ আন্দোলনক কেতিয়াও সমৰ্থন নকৰে অগপই।
“কা” সম্পৰ্কত আমাৰ স্থিতি স্পষ্ট। অসমৰ ৰাইজে জানে আমাৰ দলৰ কি স্থিতি। আন্দোলন মন গলে কৰিব, মন গলে আন্দোলন বন্ধ কৰিব তাত আমাৰ সমৰ্থন নাই। এই মন্তব্য অগপৰ সভাপতি মন্ত্ৰী অতুল বৰাৰ। শুকুৰবাৰৰ আমবাৰীৰ অগপ কাৰ্যালয়ত অনুষ্ঠিত কেন্দ্ৰীয় সমিটিৰ কাৰ্য্যনিৰ্বাহক বৈঠকৰ মাজতে সংবাদ মাধ্যমক এই কথা জনালে দলটোৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই। আমবাৰীত অগপৰ কাৰ্যালয়ত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক বৈঠক। কাৰ্য্যনিৰ্বাহক বৈঠকৰ প্ৰাকমুহুৰ্তত অন্য দলৰ কেবাজনো যুৱক যুৱতীয়ে আঞ্চলিক দলটোত আনুষ্ঠানিকভাৱে যোগ দিয়ে। বিভিন্ন দলৰ নেতা কৰ্মীক আদৰণি জনাই দলটোৰ সভাপতি অতুল বৰাই কয় আমাৰ দলত সকলোৰে বাবে দুৱাৰ খিৰিকী খোৱা আছে। অগপৰ লক্ষ্য আগন্তুক পঞ্চায়ত আৰু লোক সভা নিৰ্বাচন। কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক বৈঠকত সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, ভৱেন ভৰালী, ৰেনুপমা ৰাজখোৱা, প্ৰদীপ হাজৰিকাৰ লগতে আন কেবাজনো শীৰ্ষ নেতা উপস্থিত আছিল।
- First Published :