শনিবাৰে বিজেপিয়ে আয়োজন কৰা ঐক্য সমদলত উপস্থিত থাকি ছচিয়েল মিডিয়াত ককৰ্থনাৰ সন্মুখীন হৈছিল অতুল বৰা সহ অগপৰ তিনি মন্ত্ৰী
ৰাজ্যৰ চৌদিশে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলিছে তীব্ৰ প্ৰতিবাদ। অসমীয়া এতিয়া ওলাই আহিছে নিজৰ ভাষা, সংস্কৃতি ৰক্ষা কৰাৰ সংগ্ৰাম খনলৈ। সেইসময়তে ৰাজ্যত ঐক্য শান্তি বিচাৰি বিজেপিয়ে আয়োজন কৰিছে শান্তি আৰু ঐক্য সমদল। সমদলত অংশগ্ৰহণ কৰিছে অসমৰ একমাত্ৰ ‘আঞ্চলিক শক্তি’ অসম গণ পৰিষদে। প্ৰথম অৱস্থাত নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে মন্ত্ৰীত্ব ত্যাগ কৰি পৰৱৰ্তী সময়ত অসমীয়াৰ প্ৰতিবাদলৈ কেৰেপ নকৰি নিজৰ সিদ্ধান্ত ভুল আছিল বুলি নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থনত বিজেপিৰ সুৰতে সুৰ মিলাই জনৰোষৰ বলি হৈছিল অগপ তিনি মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী।
ৰাজ্যত নাগৰিকত্ব সংশোধনী বিৰোধী প্ৰতিবাদ চলি থকাৰ সময়তে অসমবাসীক আগতীয়াকৈ ইংৰাজী নৱবৰ্ষ শুভেচ্ছা জনাইছে অগপ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। আগন্তুক বৰ্ষটো অসমৰ জনতাৰ বাবে শান্তি সমৃদ্ধি কামনা কৰি অতুল বৰাই কয় যে, ‘ অসমীয়া খিলঞ্জীয়াৰ ক্ষেত্ৰত আত্মনিযোগ কৰিব অগপই। অগপৰ বিৰুদ্ধে কিছুমান ভুল, শুদ্ধ বা–বাতৰি ওলাইছে। ৰাইজে আমাৰ মনৰ কথা বুজিবলৈ সক্ষম হওক। দলটো বিভিন্ন ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ভবিষ্যত দিনত নৱপ্ৰজন্মক লগত লৈ আগবাঢ়িব অগপ।
প্ৰফুল্ল মহন্তৰ সমালোচনাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ‘দলীয় মজিয়াত সিদ্ধান্ত লৈ ব্যৱস্থা লোৱাৰ’ আশ্বাস দিয়ে অতুল বৰাই।
বৰাই লগতে কয় যে, ‘নেতৃত্বৰ পৰিবৰ্তন সাধাৰণ সভাত হয়, ৰাজপথত নহয়
ৰাজপথত আন্দোলন কৰা সকল অপশক্তি। মন্তব্য অগপ সভাপতি অতুল বৰা।
অগপৰ মূল মন্ত্ৰই হৈছে ঐক্য শান্তি প্ৰগতি। ঐক্য শান্তি প্ৰগতি লৈয়ে আগবাঢ়ি যাব অগপ।
অগপ পূৰ্বৰ স্থিতিতে অটল আছে। অসমৰ খিলঞ্জীয়া স্বাৰ্থত থাকি কাম কৰি যাব অগপই।’
সংবাদমেলত অতুল বৰাৰ লগতে উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|