‘নমস্কাৰ, মই অতুল বৰা, নিজৰ মন্ত্ৰিত্ব ৰক্ষাৰ স্বাৰ্থত মই মোৰ আইক বিক্ৰী কৰিলো...’

News18 Assam | News18-Assam
Updated:December 4, 2019, 8:51 AM IST
‘নমস্কাৰ, মই অতুল বৰা, নিজৰ মন্ত্ৰিত্ব ৰক্ষাৰ স্বাৰ্থত মই মোৰ আইক বিক্ৰী কৰিলো...’
প্ৰতীকী মৃতদেহৰ কাষতে অতুল বৰাই আত্মহত্যা কৰা বুলি পোষ্টাৰিং।

প্ৰতীকী মৃতদেহৰ কাষতে অতুল বৰাই আত্মহত্যা কৰা বুলি পোষ্টাৰিং।

  • Share this:
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলন–প্ৰতিবাদ চলি থকাৰ মাজতে মঙলবাৰে নিশা আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ৰ দেৱালত ওলমিল সভাপতি অতুল বৰাৰ প্ৰতীকী মৃতদেহ। নিশা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কোনো লোকৰ। প্ৰতীকী মৃতদেহৰ কাষতে অতুল বৰাই আত্মহত্যা কৰা বুলি পোষ্টাৰিং।

ছুইচাইড নোট বুলি উল্লেখ কৰা পোষ্টাৰত লিখা হৈছে – ‘নমস্কাৰ, মই অতুল বৰা। নিজৰ মন্ত্ৰিত্ব ৰক্ষাৰ স্বাৰ্থত মই মোৰ আইক বিক্ৰী কৰিলো। ৮৫৫জন শ্বহীদক অপমান কৰি মই অনুতপ্ত। তাৰে দুখতে মই আজি AGPৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আত্মহত্যা কৰিলো। – দুখেৰে... অতুল।’

অৱশ্যে কোনে এই প্ৰতীকী মৃতদেহ অগপৰ কাৰ্যালয়ৰ দেৱালত ওলমালে সেই সম্পৰ্কে জানিব পৰা হোৱা নাই। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত অগপৰ স্থিতিত অসন্তুষ্ট হৈয়েই কোনো লোকে এই কাম কৰা বুলি ধাৰণা কৰা হৈছে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি