মুখ্যপৃষ্ঠা » খবৰ

» অসম

»শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰা অগপৰ কেইবাটাও সিদ্ধান্তৰ ওপৰত স্থিতি স্পষ্ট কৰিলে সভাপতি অতুল বৰাই

শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰা অগপৰ কেইবাটাও সিদ্ধান্তৰ ওপৰত স্থিতি স্পষ্ট কৰিলে সভাপতি অতুল বৰাই

News18 Assam | News18-Assam
Updated:March 11, 2021, 10:10 AM IST
শেহতীয়াকৈ ব্যাপক চৰ্চা লাভ কৰা অগপৰ কেইবাটাও সিদ্ধান্তৰ ওপৰত স্থিতি স্পষ্ট কৰিলে সভাপতি অতুল বৰাই
উজনি অসমত কংগ্ৰেছ এইবাৰ ধুলিসাৎ হৈ যাব বুলি মন্তব্য কৰি অগপ সভাপতিগৰাকীয়ে আৰু কয় যে উজনিত চলা কা বিৰোধী আন্দোলনৰ কোনো প্ৰভাৱ বিধানসভা নিৰ্বাচনত নপৰে।

উজনি অসমত কংগ্ৰেছ এইবাৰ ধুলিসাৎ হৈ যাব বুলি মন্তব্য কৰি অগপ সভাপতিগৰাকীয়ে আৰু কয় যে উজনিত চলা কা বিৰোধী আন্দোলনৰ কোনো প্ৰভাৱ বিধানসভা নিৰ্বাচনত নপৰে।

  • Share this:
অগপৰ দখলত থকা পাঁচটা সমষ্টি বিজেপিক এৰি দিয়াৰ পৰা আৰম্ভ কৰি কেইবাগৰাকী জ্যেষ্ঠ নেতাক টিকট প্ৰদান নকৰাক লৈ শেহতীয়াকৈ ব্যাপক চৰ্চাত আছে অগপ দলটো। এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিছে অগপ সভাপতি অতুল বৰাই। News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত আগন্তুক নিৰ্বাচনৰ পৰিকল্পনাৰ বিষয়েও উল্লেখ কৰে অগপ সভাপতিগৰাকীয়ে।

নিজৰ দখলত থকা পাঁচটা সমষ্টি কিয় বিজেপিক এৰি দিলে অগপই? ইয়াকে লৈ বিভিন্ন জনে সমালোচনা কৰিছে অগপক। এই সন্দৰ্ভত News18ত নিজৰ মত দাঙি ধৰিছে অগপ সভাপতি অতুল বৰাই। লগতে বহুচৰ্চিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভতো মত ব্যক্ত কৰে অতুল বৰাই। সভাপতিগৰাকীৰ মতে, মিত্ৰতা হ’লে কিছু এৰাধৰাৰ মাজেৰে চলিবই লাগিব।

"মিত্ৰতাত কিছু এৰাধৰা থাকিবই। কোনবোৰ সমষ্টিত আমাৰ দলৰ স্থিতি শক্তিশালী হৈ আছে সেয়া আমি চাইছিলো। কেইটামান সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা হ’ব। তাৰ বিপৰীতে বেলেগ সমষ্টিও আমি লৈছো। ৰহা আৰু চাবুৱা সমষ্টি দুটা আমি নতুনকৈ লৈছো।", অগপ সভাপতি অতুল বৰাই এনেদৰে কয়।

এইবাৰ নিৰ্বাচনত দলটোৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামীৰ দৰে একাংশ জ্যেষ্ঠ নেতাই অগপৰ পৰা কিয় টিকট লাভ নকৰিলে তাৰ উত্তৰো দিয়ে অগপ সভাপতিগৰাকীয়ে। প্ৰফুল্ল কুমাৰ মহন্তৰ অসুস্থতা আৰু বৃন্দাবন গোস্বামীৰ নিজ সমষ্টিত জিকাৰ আশা কম বুলি সমীক্ষাত প্ৰকাশ পোৱাৰ পিছত এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি অতুল বৰাই জানিবলৈ দিয়ে।

"বিভিন্ন দিশ চাই আমি সমষ্টিসমূহত প্ৰাৰ্থীত্বৰ ক্ষেত্ৰত এৰাধৰা কৰিছিলো। প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে। কিন্তু তেখেতৰ শাৰীৰিক অসুস্থতাৰ বাবে সমষ্টিটোত সাংগঠনিক কাম–কাজ নহ’ল। জাতীয় ঐক্য সমাৰোহো তাত অনুষ্ঠিত নহ’ল। এইক্ষেত্ৰত আমাৰ কোনো বেয়া উদ্দেশ্যে নাই।", অগপ সভাপতিগৰাকীয়ে আৰু কয়।

২০১৬ চনৰ তুলনাত বৰ্তমান অগপৰ জনপ্ৰিয়তা বঢ়াৰ লগতে স্থিতি সবল হৈছে বুলি জানিবলৈ দিয়ে অগপ সভাপতিগৰাকীয়ে। উজনি অসমত কংগ্ৰেছ এইবাৰ ধুলিসাৎ হৈ যাব বুলি মন্তব্য কৰি অগপ সভাপতিগৰাকীয়ে আৰু কয় যে উজনিত চলা কা বিৰোধী আন্দোলনৰ কোনো প্ৰভাৱ বিধানসভা নিৰ্বাচনত নপৰে। তাৰ প্ৰমাণ ইতিমধ্যে লোকসভা নিৰ্বাচনত পোৱা গৈছে বুলি জানিবলৈ দিয়ে অতুল বৰাই।

"কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক উজনিৰ ৰাইজে একেবাৰে গ্ৰহণ কৰা নাই। লোকসভা নিৰ্বাচনৰ পূৰ্বেও উজনিত ‘কা'ৰ বিৰোধিতা কৰিছিল। কিন্তু লোকসভা নিৰ্বাচনত উজনিত বিজেপিৰ প্ৰাৰ্থীকেইগৰাকী জয়ী হৈছিল।", অগপ সভাপতি অতুল বৰাই কয়।

বিগত সময়ছোৱাত চাহ বাগিচাৰ ভোটাৰসকলক লৈ বিশেষ পদক্ষেপ হাতত লৈছে বিজেপি আৰু অগপই। কংগ্ৰেছে কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি অহা চাহ বাগিচা অঞ্চলৰ ভোটাৰসকলক উন্নয়নৰ যোগেদি আকৰ্ষণ কৰাৰ চেষ্টা কৰা হৈছে বুলি জানিবলৈ দিয়ে অতুল বৰাই। আনহাতে হিতাধিকাৰি সৃষ্টিৰ জৰিয়তে ৰাজকোষৰ পৰা হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰাটো কিমান দূৰ সমীচিন হৈছে সেই সন্দৰ্ভতো মত ব্যক্ত কৰে অতুল বৰাই।

"হিতাধিকাৰি সৃষ্টি কৰাটো বেয়া ক’ত হল! ইয়াৰ জৰিয়তে বহু লোক স্বাৱলম্বী হোৱাত সহায় হৈছে।", অতুল বৰাই কয়।

আগন্তুক নিৰ্বাচন সন্দৰ্ভত এনেদৰে বহুকেইটা শেহতীয়াকৈ চৰ্চিত গুৰুত্বপূৰ্ণ প্ৰসংগ সন্দৰ্ভত অগপ সভাপতি অতুল বৰাই নিজৰ মত ব্যক্ত কৰি আৰু কয় যে উজনি অসমৰ লগতে বাকী স্থানসমূহতো অগপই প্ৰাৰ্থিত্ব দিয়া ২৬টা সমষ্টিতে জয় নিশ্চিত।
Published by: Sanjay Kumar Das
First published: March 11, 2021, 10:10 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি