‘যৌৱন কমলা নহয় যে, তাক চুপি চুপি খাব পাৰি'- গীত নৃত্য় কৰি এতিয়া ৰাজহুৱা সভাত আমোদ দিছে মন্ত্ৰী অতুল বৰাই

News18 Assam | News18-Assam
Updated:January 11, 2021, 9:24 PM IST
‘যৌৱন কমলা নহয় যে, তাক চুপি চুপি খাব পাৰি'- গীত নৃত্য় কৰি এতিয়া ৰাজহুৱা সভাত আমোদ দিছে মন্ত্ৰী অতুল বৰাই
লখিমপুৰৰ নাৰায়ণপুৰ কলেজিয়েত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত উপস্থিত থাকি মন্ত্ৰীজনে প্ৰথমে নৱ গঠিত অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছক সমালোচনাৰে থকা সৰকা কৰাৰ পিছত আৰম্ভ কৰিলে বিহু ৷

  • Share this:
‘যৌৱন কমলা নহয় যে, তাক চুপি চুপি খাব পাৰি’- কোনো সাধাৰণ মানুহ নহয়, এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ মুখেৰে এখন ৰাজহুৱা সভাত ওলোৱা মন্তব্য এয়া।  লখিমপুৰৰ নাৰায়ণপুৰ কলেজিয়েত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত অসম গণ পৰিষদৰ জাতীয় ঐক্য সমাৰোহত উপস্থিত থাকি মন্ত্ৰীজনে প্ৰথমে নৱ গঠিত অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছক সমালোচনাৰে থকা সৰকা কৰাৰ পিছত আৰম্ভ কৰিলে বিহু ৷

কল্পনা পাটোৱাৰীৰ আহ্বানত বিহুগীত পৰিবেশন কৰি নাচি বাগি অতুল বৰাই সামৰিলে ভাষণ। নাই কোনো ধৰণৰ উন্নয়নৰ কথা, নাই কোনো ধৰণৰ প্ৰতিশ্ৰুতি। কেৱল গীত গাই অগপৰ জাতীয় ঐক্য সমাৰোহত ৰাইজক আমোদ দিয়ে মন্ত্ৰীগৰাকীয়ে।

ভাষণত মন্ত্ৰীজনে ভৱিষ্যতে অসম আৰু অসমীয়াৰ স্বাৰ্থত লোৱা পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰাৰ পৰিৱৰ্তে কেৱল কংগ্ৰেছ আৰু নৱগঠিত অসম জাতীয় পৰিষদক সমালোচনা কৰিয়েই ভাষণ সামৰিলে।

কেৱল অতুল বৰাই নহয় মন্ত্ৰী কেশৱ মহন্তয়ো নিজৰ ভাষণত কেৱল নৱ গঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক তীব্ৰ সমালোচনা কৰি কয় যে, ‘কেৱল ৰাজপথত আন্দোলন কৰি মন্ত্ৰী বিধায়ক হোৱাৰ সপোন দেখিছে সেইসকলে,ৰাইজৰ কাৰণে একো কৰা নাই ৷  আন্দোলনৰ নামত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষত্ৰ ভাঙিছিল সেইসকলে।’

ইফালে আজি অনুষ্ঠিত সভাত ৰাইজৰ একেবাৰে সেৰেঙা উপস্থিতি দেখা গ’ল। খালী চকীৰ সন্মুখতে ৰাজ্য চৰকাৰৰ দুয়োগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে উদাত্ত কণ্ঠৰে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদক আক্ৰমণ কৰে।
Published by: Himangshu Bhuyan
First published: January 11, 2021, 9:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading