লুৰিণ জ্যোতি গগৈৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালে অতুল-কেশৱে।

News18 Assam | News18-Assam
Updated:April 10, 2021, 7:50 PM IST
লুৰিণ জ্যোতি গগৈৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনালে অতুল-কেশৱে।
লুৰিণৰ প্ৰয়াত মাতৃৰ দহাত অংশ ল’লে অতুল বৰা আৰু কেশৱ মহন্তই। জনালে সমবেদনা।

লুৰিণৰ প্ৰয়াত মাতৃৰ দহাত অংশ ল’লে অতুল বৰা আৰু কেশৱ মহন্তই। জনালে সমবেদনা।

  • Share this:
লুৰিণ জ্যোতি গগৈৰ দুখৰ সমভাগী হ’ল অসম গণ পৰিষদৰ নেতৃত্ব। অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰি সভাপতি কেশৱ মহন্তই আজি লুৰিণৰ ঘৰলৈ গৈ জ্ঞাপন কৰিলে সমবেদনা।

বিধান সভা নিৰ্বাচনৰ মাজতে ৩১ মাৰ্চত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ মৃত্যু হৈছিল। দুলু গগৈৰ মৃত্যুৰ দহ দিন পিছত আজি তিনিচুকীয়াৰ বৰ লাইপুলি মৰাণকাৰী গাঁৱৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জনালে অগপ নেতা দুজনে। আজি অনুষ্ঠিত দহা কাৰ্যসূচীতো অংশ লয় অতুল বৰা আৰু কেশৱ মহন্তই।

লুৰিণ জ্যোতি গগৈৰ বাসগৃহলৈ যোৱাৰ সময়ত অতুল বৰা আৰু কেশৱ মহন্তক সংগ দিছিল অসম যুৱ পৰিষদৰ প্ৰাক্তন সভাপতি সুনীল ৰাজকোৱৰ আৰু জয়ন্ত খাউণ্ডে।
Published by: Manjumoni Borah
First published: April 10, 2021, 7:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি