নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ জ্বলিছে সমগ্ৰ ৰাজ্য। আছুসহ বিভিন্ন দল–সংগঠনে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ। কেন্দ্ৰীয়–ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে ৰাজ্যৰ দল–সংগঠনসমূহ। কিন্তু তাৰ মাজতে অগপ সভাপতি তথা অতুল বৰাই বিধেয়কখনৰ পক্ষত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।
অগপ সভাপতিগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিম বুলি বিজেপিয়ে আগতেই কৈছিল। এতিয়া আমি BJPৰ নেতৃত্বৰ সৈতে আলোচনা কৰিম। CAB কেৱল অসমতে নহয়, সমগ্ৰ দেশৰ বাবে হ’ব। বিধেয়কখনৰ ভিতৰৰ কথাবোৰ বিজেপি নেতৃত্বই আমাক জনাব বুলিও মন্তব্য কৰে।
উল্লেখযোগ্য যে সংসদৰ শীতকালীন অধিৱেশনত উত্থাপন কৰিবলগীয়া বিধেয়কসমূহৰ তালিকাত আছে নাগৰিকত্ব সংশোধনী বিধেয়কো। অসমৰ জনতা, দল–সংগঠনৰ প্ৰতিবাদ–বিৰোধিতাক আওকাণ কৰি যিকোনো প্ৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ উঠি–পৰি লাগিছে বিজেপি চৰকাৰ।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : November 19, 2019, 13:16 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।