মুখ্যপৃষ্ঠা »খবৰ »অসম »Lok Sabha Election 2024: লোকসভা নিৰ্বাচনৰ বাবে সাজু অগপ ! এইবাৰ লোকসভাত আমাৰ সাংসদ থাকিব: ৰমেন্দ্ৰ নাৰায়ণ কলিতা 

Lok Sabha Election 2024: লোকসভা নিৰ্বাচনৰ বাবে সাজু অগপ ! এইবাৰ লোকসভাত আমাৰ সাংসদ থাকিব: ৰমেন্দ্ৰ নাৰায়ণ কলিতা 

আগন্তুক বৰ্ষৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে আঞ্চলিক দল অসম গণ পৰিষদ। বিগত লোকসভা নিৰ্বাচনত জিৰো ফলাফল দেখুৱা অগপ দলৰ জ্যেষ্ঠ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দাবী এইবাৰ লোকসভাত অগপৰ প্ৰতিনিধি থাকিব।

  • Share this:

সমাগত লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে শাসক বিৰোধী। পিছপৰি ৰোৱা নাই আঞ্চলিক দল অসম গণ পৰিষদ। বিগত ২০১৯ চনৰ লোক সভা নিৰ্বাচনত শূন্য ফলাফল দেখুৱালেও আগন্তুক ২০২৪ চনৰ লোক সভা নিৰ্বাচনকলৈ আশাবাদী এটা সময়ত দুবাৰকৈ ৰাজ্য শাসন কৰা অসম গণ পৰিষদ দল। অগপৰ জ্যেষ্ঠ নেতা তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দাবী আগন্তুক লোক সভাত সংসদত অগপ প্ৰতিনিধি থাকিব। তেনে এক লক্ষ্য লৈ অগপ দলে তৃণমূল পৰ্য্যায়ত দলৰ ভেটী শক্তিশালী কৰিছে বুলি কয় ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। উল্লেখযোগ্য যে বিগত লোকসভা নিৰ্বাচনত অসম গণ পৰিষদে বিজেপিৰ সৈতে মিত্ৰতাত থাকি কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী সমষ্টিত নিৰ্বাচন খেলি পৰাজিত হৈছিল। সেয়ে পূৰ্বৰ তেনে তিক্ত অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ন ৰূপত সাজু হৈছে অগপ দল।

শেহতীয়া বাতৰি