‘ইমান সমালোচনা কৰিলো এতিয়া মাতো কেনেকৈ’ এজনে যদি বাতৰি কাকত পঢ়িছে, আনজনে আকৌ TV কে চাইছে!

News18 Assam | News18-Assam
Updated:November 27, 2019, 6:40 PM IST
‘ইমান সমালোচনা কৰিলো এতিয়া মাতো কেনেকৈ’ এজনে যদি বাতৰি কাকত পঢ়িছে, আনজনে আকৌ TV কে চাইছে!
ফটোৱে যে কথা কয় সেই কথা যেন স্পষ্ট হ’ল অগপৰ বিধায়িনী দলৰ বৈঠক আৰম্ভ হোৱাৰ আগত!

ফটোৱে যে কথা কয় সেই কথা যেন স্পষ্ট হ’ল অগপৰ বিধায়িনী দলৰ বৈঠক আৰম্ভ হোৱাৰ আগত!

  • Share this:
‘চলি আছে দুয়োজনৰ মাজত বাকযুদ্ধ। ইজনে আনজনক পৰোক্ষ ভাবে হ’লেও কৰিছে সমালোচনা। কিন্তু আগন্তুক বিধানসভা অধিবেশনৰ বাবে দলে আয়োজন কৰিলে বৈঠক। গতিকে উপস্থিত থাকিবই লাগিব। ইজনে আনজনক সমালোচনা কৰি এতিয়া মাতিবলৈ সহজ হ’ব পৰা নাই। গতিকে এজনে যদি বাতৰি কাকত খনকে পঢ়িছে, আনজনে টিভিটোকে চাই আছে।’– ক’ব বিচৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ কথা।

বুধবাৰে বিধানসভাৰ শীতকালীন অধিৱেশনৰ পূৰ্বে অগপৰ বিধায়িনী কক্ষত বিধায়িনী দলৰ বৈঠকৰ বাবে উপস্থিত হ'ল দুয়ো গৰাকী নেতা ৷ কিন্তু প্ৰায় আধা ঘণ্টা সময় দুয়োগৰাকী নেতাই এজনে আনজনক নকৰিলে সম্বোধন ৷ বিষয়টো চৰ্চিত হ'ল সংবাদ কৰ্মীৰ মাজত। উল্লেখযোগ্য যে,  অগপৰ নতুন ছাত্ৰ সংগঠনক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত আৰু মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ মাজত বৃদ্ধি পাইছে দূৰত্ব ৷ দুদিন পূৰ্বে প্ৰফুল্ল কুমাৰ মহন্তক সকীয়নি দিছিল ফণীভূষণ চৌধুৰীয়ে ৷ অগপৰ প্ৰতিষ্ঠা দিৱসত ছাত্ৰ সংগঠনৰ সিদ্ধান্ত লোৱাৰ সময়ত উপস্থিত থকা মহন্তই তেতিয়াই কিয় ছাত্ৰ সংগঠনৰ বিৰোধিতা কৰা নাছিল বুলি প্ৰশ্ন কৰিছিল ফণীভূষণ চৌধুৰীয়ে ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি