প্ৰফুল্ল মহন্তক আমবাৰীত CAA বিৰোধী সভা পাতিবলৈ নিদিলে অতুল বৰাই, উপায়হীন মহন্তই সলালে ঠাই

News18 Assam | News18-Assam
Updated:January 7, 2020, 1:20 PM IST
প্ৰফুল্ল মহন্তক আমবাৰীত CAA বিৰোধী সভা পাতিবলৈ নিদিলে অতুল বৰাই, উপায়হীন মহন্তই সলালে ঠাই
আমবাৰী কাৰ্যালয়ত তলা লগাই থোৱা বাবে সভাৰ স্থান সলনি কৰিবলগীয়া হ’ল মহন্তই। মুখ্য কাৰ্যালয়ৰ পৰিৱৰ্তে লক্ষ্মীৰাম বৰুৱা সদনত আয়োজন কৰিলে সভাৰ।

আমবাৰী কাৰ্যালয়ত তলা লগাই থোৱা বাবে সভাৰ স্থান সলনি কৰিবলগীয়া হ’ল মহন্তই। মুখ্য কাৰ্যালয়ৰ পৰিৱৰ্তে লক্ষ্মীৰাম বৰুৱা সদনত আয়োজন কৰিলে সভাৰ।

  • Share this:
প্ৰফুল্ল মহন্তৰ সভাৰ বাবে আমবাৰীৰ মুখ্য কাৰ্যালয়ত ওলমিল তলা। আজি মহন্তৰ নেতৃত্বত একাংশ অগপ নেতাই আমবাৰীৰ মুখ্য কাৰ্যালয়ত কেইখনমান জিলা সমিতিৰে মত বিনিময় অনুষ্ঠান আয়োজন কৰিছিল। নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে মহন্তৰ নেতৃত্বত আয়োজন কৰা হৈছিল এই সভাৰ।

কিন্তু প্ৰফুল্ল মহন্তক আমবাৰীৰ কাৰ্যালয়ত সভা পাতিবলৈ নিদিলে সভাপতি অতুল বৰাই। আজি পুৱাৰ ভাগতে তলা লগাই দিয়া হ’ল অগপৰ মুখ্য কাৰ্যালয়ত। অগপ কাৰ্যালয়ত যাতে CAA বিৰোধী সভা পাতিব নোৱাৰে তাৰ বাবে অগপ কাৰ্যালয়ৰ ওপৰ মহলাত হ’ব যুৱ পৰিষদৰ বৈঠকৰ আয়োজন কৰা হ’ল৷ তলৰ মহলাত মহিলা পৰিষদৰ বৈঠকৰ আয়োজন৷ একপ্ৰকাৰ আমবাৰীত বিনিময় অনুষ্ঠানৰ বাবে মহন্তৰ নাই স্থান।

আমবাৰী কাৰ্যালয়ত তলা লগাই থোৱা বাবে সভাৰ স্থান সলনি কৰিবলগীয়া হ’ল মহন্তই। মুখ্য কাৰ্যালয়ৰ পৰিৱৰ্তে লক্ষ্মীৰাম বৰুৱা সদনত আয়োজন কৰিলে সভাৰ। সভাত উপস্থিত থাকে প্ৰফুল্ল মহন্তৰ লগতে বৃন্দাবন গোস্বামী, পবীন্দ্ৰ ডেকাসহ একাংশ অগপ নেতা–কৰ্মী।



ইফালে, অগপৰ গুৱাহাটী মহানগৰ সমিতিয়ে সভাপতিলৈ পত্ৰ প্ৰেৰণ কৰি জনায় – ‘৭ জানুৱাৰীত দলৰ তৃণমূল কৰ্মীৰে মত বিনিময় সভাক লৈ পত্ৰ প্ৰচাৰ কৰাটো পৰিলক্ষিত হৈছে। কিন্তু আমি এই সভাৰ আয়োজক নহয়।’

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক
পৰৱৰ্তী বাতৰি