অগপ ত্যাগ কৰিলে সত্যব্ৰত কলিতাই, কংগ্ৰেছৰ টিকটত কমলপুৰৰ পৰাই প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা

News18 Assam | News18-Assam
Updated:March 6, 2021, 10:54 PM IST
অগপ ত্যাগ কৰিলে সত্যব্ৰত কলিতাই, কংগ্ৰেছৰ টিকটত কমলপুৰৰ পৰাই প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা
ইফালে অগপ ত্যাগ কৰি পুনৰ কমলপুৰৰ পৰাই নিৰ্বাচন খেলাৰ হুংকাৰ দিয়ে কলিতাই

ইফালে অগপ ত্যাগ কৰি পুনৰ কমলপুৰৰ পৰাই নিৰ্বাচন খেলাৰ হুংকাৰ দিয়ে কলিতাই

  • Share this:
অৱশেষত কমলপুৰ সমষ্টিত অগপৰ টিকট বঞ্চিত হৈ অসম গণ পৰিষদ দল ত্যাগ কৰিলে বৰ্তমানৰ বিধায়ক সত্যব্ৰত কলিতাই।  শনিবাৰে নিশা কংগ্ৰেছ নেতৃত্বৰ সৈতে বৈঠকত বহাৰ পিছতে অগপ ত্যাগ কৰাৰ সিদ্ধান্ত লয় বিধায়কগৰাকীয়ে। আনকি কমলপুৰ সমষ্টিৰ পৰাই কলিতাই কংগ্ৰেছৰ টিকটত নিৰ্বাচন খেলাৰ ইংগিত দিয়ে।

ইফালে অগপ ত্যাগ কৰি পুনৰ কমলপুৰৰ পৰাই নিৰ্বাচন খেলাৰ হুংকাৰ দিয়ে কলিতাই। এই সন্দৰ্ভত সত্যব্ৰত কলিতাই কয় যে, 'মোৰ নতুন যাত্ৰা কি হ'ব মই কাইলৈ জনাম। দীৰ্ঘদিন ধৰি ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত আছিলো গতিকে আগন্তুক দিনটো ৰাজনীতিত থাকিবই লাগিব সমষ্টিৰ ৰাইজৰ স্বাৰ্থত।গতিকে পৰৱৰ্তী কি কাৰ্যপন্থা লম কাইলৈৰ ভিতৰত ৰাজহুৱা কৰিম ৷'
Published by: Himangshu Bhuyan
First published: March 6, 2021, 10:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি