‘CAAৰ ভয়াৱহতাৰ কথা জানিও অগপৰ ৫ নেতাই কৰি আছে সমৰ্থন’– অগপ বিধায়কৰ গুৰুতৰ অভিযোগ

News18 Assam | News18-Assam
Updated:January 5, 2020, 2:05 PM IST
‘CAAৰ ভয়াৱহতাৰ কথা জানিও অগপৰ ৫ নেতাই কৰি আছে সমৰ্থন’– অগপ বিধায়কৰ গুৰুতৰ অভিযোগ
নাগিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত চলি থকা আন্দোলনৰ প্ৰতি মুকলি সমৰ্থন অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ

নাগিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত চলি থকা আন্দোলনৰ প্ৰতি মুকলি সমৰ্থন অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ

  • Share this:
নাগিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত চলি থকা আন্দোলনৰ প্ৰতি মুকলি সমৰ্থন অগপ বিধায়ক পবিন্দ্ৰ ডেকাৰ।  পাটাছাৰকুছিত উপস্থিত হৈ ‘কা’ ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ  বিধায়ক পবিন্দ্ৰ ডেকাৰ। আছু নেতৃত্ব আৰু শিল্পী সকলৰ সান্নিধ্যত ৰাইজৰ আন্দোলনক  সমৰ্থন কৰি পবিন্দ্ৰ ডেকাই কয় যে, CAA প্ৰযোজ্য হ’লেই অসমৰ অৱস্থা হ’ব ত্ৰিপুৰাতকৈও ভয়াৱহ। নাগৰিকত্ব সংশোধনী আইনৰ ভয়াৱহতাৰ কথা অগপ নেতৃত্বয়ো জানে, কিন্তু দলৰ পাঁচগৰাকী নেতাই কৰি আছে ইয়াৰ সমৰ্থন।’

অগপৰ বিধায়কজনে লগতে কয় যে,  নাগৰিকত্ব সংশোধনী আইন খন হাতত লৈ ৰাইজক ইয়াৰ ভয়াবহতা বুজাবলৈ তেওঁ সাজু। পাটাছাৰকুছিত উপস্থিত হৈ বিধায়কজনে অগপৰ তিনি মন্ত্ৰীৰ লগতে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালক তীব্ৰ সমালোচনা কৰে। আনকি  অসমৰ ভাষা - সংস্কৃতিৰ ইতিহাস নপঢ়া কৈ মুখ্যমন্ত্ৰীয়ে এনেদৰে উদ্ভুত মন্তব্য কৰা বুলি অভিযোগ কৰে বিধায়িকগৰাকী।

পাটাচাৰকুছিৰ বিধায়কজনে লগতে কয় যে,  অখিল গগৈক চৰকাৰে মিছা গোচৰত গ্ৰেপ্তাৰ কৰিছে l অখিল গগৈক বিনা চৰ্তে মুক্তি ৰ দাবী বিধায়ক গৰাকীৰ l লগতে বিধায়ক ডেকাই কা বিৰোধী আন্দোলনৰ শ্বহীদ পৰিয়ালক শীঘ্ৰেই ৩০ লাখ টকা আৰু আহত সকলক ৫ লাখকৈ আৰ্থিক সাহাৰ্য্য দিৱলৈ দাবী জনায়।
আৰু চাওক
পৰৱৰ্তী বাতৰি