CAA পাহৰি অতুল বৰাৰ কণ্ঠত নতুন সুৰ! সাংবাদিককো দিলে বাতৰি পৰিবেশনৰ নীতিশিক্ষা

News18 Assam | News18-Assam
Updated:December 16, 2019, 7:30 AM IST
CAA পাহৰি অতুল বৰাৰ কণ্ঠত নতুন সুৰ! সাংবাদিককো দিলে বাতৰি পৰিবেশনৰ নীতিশিক্ষা
Source-Google

সংবাদমেল সম্বোধন কৰি পৰোক্ষ ভাবে অসম চুক্তিৰ ভিত্তিবৰ্ষক নস্যাৎ কৰিলে ‘আঞ্চলিকতাবাদী’ মন্ত্ৰী অতুল বৰাই

  • Share this:
‘এতিয়া আবেগেৰে নহয়, যুক্তিৰে ভাবিবৰ হ’ল কথা বোৰ। আবেগ মানুহৰ থাকেই, এদিন অসমীয়া মানুহে প্ৰকৃত সত্যতো বুজি পাব। অগপত নৈতিকতা আৰু সততাৰ অভাৱ নাই।’

উপৰোক্ত ভাষ্য অসমৰ আঞ্চলিক ৰাজনীতিৰ ধ্বজাবাহী, মন্ত্ৰী অতুল বৰাৰ ভাষ্য। ক্ষমতাৰ লোভত  অন্ধ হৈ অসমীয়া মানুহৰ আবেগ, যুক্তিলৈ পিঠি দি বিজেপিৰ ওচৰত নেগুৰ পেলোৱা মন্ত্ৰী অতুল বৰাই ৰাইজৰ ৰোষত পৰি অৱশেষত দুই সতীৰ্থ মন্ত্ৰী কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীক কাষত বহুৱাই সম্বোধন কৰিলে সংবাদমেল। সংবাদমেলত সাংবাদিকৰ প্ৰশ্নত থকা সৰকা হৈ চালে–বেৰে কোবাই উত্তৰ দিলে মন্ত্ৰী অতুল বৰাই। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত সাংবাদিকৰ এটাও প্ৰশ্নও যথাযত উত্তৰ দিব নোৱাৰিলে মন্ত্ৰী অতুল বৰাই।

ৰাইজৰ ৰোষত পৰি সকলো দোষ প্ৰফুল্ল কুমাৰ মহন্তক জাপি দি অতুল বৰাই কয় যে, ‘দলীয় বৈঠকত মুখেৰে নামাতে প্ৰফুল্ল কুমাৰ মহন্তই। সততাৰ অভাৱ হোৱা নাই অগপৰ।

মহন্তৰ দিনত বিদেশীয়ে নাগৰিকত্ব পোৱাৰ পিছত মহন্তৰ দায়িত্ব নাছিল নে বিৰোধিতা কৰাৰ। ১৯৮৫ চনত যি চুক্তি কৰিলে, সেই চুক্তিৰ বাবে ৮৫৫ জন শ্বহীদে জীৱন ত্যাগ কৰিছিল জানো?’

উল্লেখযোগ্য যে, সংবাদমেলত অতুল বৰাই পৰোক্ষ ভাবে অসম চুক্তিকে নস্যাৎ কৰে। সংবাদমেলত সাংবাদিকক উদ্দেশ্যিও অতুল বৰাই দিয়ে নীতিশিক্ষা। সাংবাদিকক উদ্দেশ্যি অতুল বৰাই কয় যে,  সংবাদ মাধ্যমে বাতৰি কৰক, ‘একপক্ষিয় ভাবে উচতনি নিদিব। অতিৰঞ্জিত বাতৰি পৰিবেশন নকৰিব। নৈতিকতাক শ্ৰদ্ধা কৰে অগপই।’

আনকি এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাক নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা আঁতৰাই ৰাখিবলৈ অগপই উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ কথাও উল্লেখ কৰে।

অগপই এতিয়া এই কেইটা দাবীৰে অতি শীঘ্ৰে গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব

১. ছয় জনগোষ্ঠীৰ জনজাতিকৰণ।

২. অসমত ইনাৰ লাইন প্ৰৱৰ্তন কৰা।

৩. সাংবিধানিক ৰক্ষাকৱছ।

৪. অসমীয়া ভাষা সংৰক্ষণ।

৫. খিলঞ্জীয়াৰ বাবে বিধানসভাৰ ৯০ শতাংশ আসন সংৰক্ষণ আৰু লোকসভাত ১০০ শতাংশ আসন সংৰক্ষণ।

আৰু চাওক
পৰৱৰ্তী বাতৰি