মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লক্ষ্য ৮৫টা সমষ্টি, ২০২১ৰ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে অগপই, সাজু আই টি চেল

লক্ষ্য ৮৫টা সমষ্টি, ২০২১ৰ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে অগপই, সাজু আই টি চেল

News18 Assam | News18-Assam
Updated:June 19, 2020, 8:14 PM IST
লক্ষ্য ৮৫টা সমষ্টি, ২০২১ৰ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে অগপই, সাজু আই টি চেল
ইতিমধ্যেই দলটোৱে ছচিয়েল মিডিয়াৰ জৰিয়তে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাম ৫০ শতাংশ সম্পূৰ্ণ কৰিছে।

ইতিমধ্যেই দলটোৱে ছচিয়েল মিডিয়াৰ জৰিয়তে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাম ৫০ শতাংশ সম্পূৰ্ণ কৰিছে।

  • Share this:
২০২১ৰ নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে অগপই। নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু কৰিছে আই টি চেলৰ শক্তি। প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে নিৰ্বাচনৰ প্ৰচাৰ চলাব অগপ নির্বাচিত আই টি চেলেৰে। অগপৰ কাৰ্যালয়ত অগপ আই টি  চেলৰ সৈতে কেন্দ্রীয় নেতৃত্বৰ বৈঠক। বৈঠকত উপস্থিত থাকে সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত , সাধাৰণ সম্পাদক কমলা কলিতা আৰু কেন্দ্ৰীয় নেতৃবৰ্গ।

ইতিমধ্যেই দলটোৱে ছচিয়েল মিডিয়াৰ জৰিয়তে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাম ৫০ শতাংশ সম্পূৰ্ণ কৰিছে। এই কথা জানিবলৈ দিলে সাধাৰণ সম্পাদক কমলা কলিতাই। সাধাৰণ সম্পাদকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, এইবাৰ অগপৰ টাৰ্গেট হ'ব ৰাজ্যৰ ৮৫টা  সমষ্টি। আনহাতে ১ জুলাইৰ পৰা সমষ্টিৰ ভিত্তিত আই টি চেলৰ সদস্যক ৫ দিনকৈ দিয়া হ’ব প্ৰশিক্ষণ।

আনহাতে, শুকুৰবাৰে আমবাৰীৰ কাৰ্যালয়ত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক কটাক্ষ কৰি সম্পাদক কমলা কলিতাই কয় – মহন্তই বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰিলেও   ২০০১ চনত মহন্তৰ জৰিয়তেই হৈছিল বিজেপিৰে প্ৰথম মিত্ৰতা। গতিকে বিশেষ একো নকওঁ বুলি কোৱাৰ লগতে ৰাজনীতিত তৃতীয় মৰ্চাৰ স্থায়িত্ব কি সেয়া সকলোৱে দেখি আহিছে বুলিও মন্ত্যব প্ৰকাশ কৰে সাধাৰণ সম্পাদকগৰাকীয়ে। প্ৰফুল্ল কুমাৰ মহন্ত বৈঠকত উপস্থিত নথকাক লৈ কমলা কলিতাই কয় যে আজি সাধাৰণ সম্পাদক আৰু দায়িত্বত থকা সকলকহে মতা হৈছে, মহন্তক নিমন্ত্ৰণ দিয়া হোৱা নাই।
First published: June 19, 2020, 8:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি