AGPৰ ভেটিত কঁপনি! চাহ জনগোষ্ঠীৰ নেতা ৰাফেল কুজুৰৰ নেতৃত্বত শতাধিক লোকে যোগ দিলে অসম জাতীয় পৰিষদত

সমাগত ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত শাসক বিৰোধী সকলো দলতেই তীব্ৰতৰ হৈছে যোগদানৰ ৰাজনীতি
সমাগত ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত শাসক বিৰোধী সকলো দলতেই তীব্ৰতৰ হৈছে যোগদানৰ ৰাজনীতি
- News18 Assam
- Last Updated: October 10, 2020, 9:49 PM IST
শনিবাৰে অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা অগপ দলৰ জ্যেষ্ঠ নেতা ৰাফেল কুজুৰে অসম জাতীয় পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। ৰাফেল কুজুৰৰ নেতৃত্বত প্ৰায় শতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰে।
ৰাফেল কুজুৰৰ মতে, আগন্তুক দিনত অগপৰ আৰু বহু জ্যেষ্ঠ নেতা আৰু কৰ্মীয়ে এজেপি দলত যোগ দিব। আগন্তুক বিধান সভা নিৰ্বাচনত এজেপিৰ টিকটত মৰাণ সমষ্টিত প্ৰতিদ্বন্দিতা কৰাৰ ইংগিত দিছে চাহ জনগোষ্ঠীৰ নেতাগৰাকীয়ে।