গণভিত্তি হেৰুওৱাৰ ভয়! নতুন দিল্লীত অমিত শ্বাহৰ বাসভৱনত অগপ নেতৃত্বৰ বৈঠক

News18 Assam | News18-Assam
Updated:December 19, 2019, 7:12 PM IST
গণভিত্তি হেৰুওৱাৰ ভয়! নতুন দিল্লীত অমিত শ্বাহৰ বাসভৱনত অগপ নেতৃত্বৰ বৈঠক
Source-Google

সন্ধিয়া ৭ বজাত অমিত শ্বাহৰ সাক্ষাৎ কৰাৰ কথা অগপ নেতৃত্বৰ

  • Share this:
ক্ষমতাৰ মোহত অন্ধ অসম গণ পৰিষদৰ শীৰ্ষ পৰ্যায়ৰ একাংশ নেতা। দিল্লীত অমিত শ্বাহৰ সৈতে হোৱা বৈঠকত নাগৰিকত্ব সংশোধনী আইনৰ সমৰ্থন কৰা অসম গণ পৰিষদৰ তিনি মন্ত্ৰীয়ে পিছত ৰাইজৰ ৰোষত পৰিবলীয়া হৈছিল। য’তে ত’তে ৰাইজে খেদি পঠিওৱা তিনি মন্ত্ৰীয়ে পিছত সংবাদমেল সম্বোধন কৰি ব্ৰহ্মপুত্ৰ উপত্যকাক নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা আঁতৰাবলৈ দাবী জনাইছিল কেন্দ্ৰীয় চৰকাৰক। অগপই কৰা এই ‘নাটক’খনৰ পিছত তিনিওগৰাকী ‘আঞ্চলিকতাবাদী’ মন্ত্ৰীক তীব্ৰ ককৰ্থনা কৰা হৈছিল বিভিন্ন মাধ্যমত।

এতিয়া নিজৰ সমষ্টিতে একেবাৰেই পানীত হাঁহ নচৰা অৱস্থা হৈছে তিনিওগৰাকী অগপ মন্ত্ৰীৰ লগতে একাংশ শীৰ্ষস্থানীয় অগপ নেতাৰ। ফলস্বৰূপে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ ৰাওনা হৈছে অগপ নেতৃত্ব। সন্ধিয়া ৭ বজাত অমিত শ্বাহৰ সাক্ষাৎ কৰাৰ কথা অগপ নেতৃত্বৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি