ছয়গাঁৱৰ পৰিৱৰ্তে পলাশবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব অগপ নেতা ডাঃ কমলা কান্ত কলিতাই!

সেয়া হ’লে অগপই পলাশবাৰী সমষ্টি লৈ ছয়গাঁও সমষ্টি বিগ ব্ৰাডাৰ বিজেপিক এৰি দিব।
সেয়া হ’লে অগপই পলাশবাৰী সমষ্টি লৈ ছয়গাঁও সমষ্টি বিগ ব্ৰাডাৰ বিজেপিক এৰি দিব।
- News18 Assam
- Last Updated: August 21, 2020, 6:39 PM IST
অগপৰ নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কান্ত কলিতাই এইবাৰ ছয়গাঁও সমষ্টিৰ পৰিৱৰ্তে পলাশবাৰী বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। সেয়া হ’লে অগপই পলাশবাৰী সমষ্টি লৈ ছয়গাঁও সমষ্টি বিগ ব্ৰাডাৰ বিজেপিক এৰি দিব।
ইফালে, ২৭ আগষ্টৰ অসম গণ পৰিষদৰ সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে অগপৰ সাধাৰণ সম্পাদক ডাঃ কমলা কান্ত কলিতাই সংবাদ মেলত জানিবলৈ দিয়ে যে আঞ্চলিক দলটোৱে বৰ্তমানে বিধায়ক থকা এটা সমষ্টিও মিত্ৰ দল বিজেপি বা বিপিএফক এৰি নিদিয়ে। যদি পলাশবাৰী সমষ্টিত ডাঃ কমলা কান্ত কলিতা অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হয়, তেওঁক কেনেধৰণে সমৰ্থন কৰে সেয়া সময়ত জানিব পৰা যাব।