নাই জয়ৰ নিশ্চয়তা! ছয়গাওঁ এৰি এইবাৰ পলাশবাৰীলৈ যোৱাৰ মন কমলা কলিতাৰ, মানি লোৱা নাই বিজেপি কৰ্মীয়ে

ক্ৰমাৎ আকৰ্ষনীয় হৈছে সমষ্টি সমূহত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজৰ যুঁজ
ক্ৰমাৎ আকৰ্ষনীয় হৈছে সমষ্টি সমূহত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ মাজৰ যুঁজ
- News18 Assam
- Last Updated: September 7, 2020, 10:38 AM IST
শেহতীয়াকৈ নিউজ ১৮ ৰ হাতত আহি পৰা খবৰ অনুসৰি, ২০০১, ২০১১ আৰু ২০১৬ বিধান সভা নিৰ্বাচনত ছয়গাওঁ সমষ্টিত পৰাজিত হোৱা কমলা কলিতাই একেটা সমষ্টিতে এইবাৰ ৰিস্ক লব বিচৰা নাই। তাৰ বিপৰীতে বিজেপিৰ দখলত থকা পলাশবাৰী সমষ্টিতহে প্ৰতিদ্বন্দিতা কৰিব বিচাৰিছে অগপ নেতাগৰাকীয়ে।
মিত্ৰ দলৰ চৰকাৰত অতি গুৰুত্বপূৰ্ণ হস্ততাঁত বস্ত্ৰ বিভাগৰ অধ্যক্ষৰ দায়িত্বত থকা কমলা কলিতাই তেনে আশাৰেই পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানত সভা সমিতি অনুষ্ঠিত কৰিছে যদিও নেতাগৰাকীয়ে এইপৰ্যন্ত ভালদৰে সঁহাৰি লাভ কৰা পৰিলক্ষিত হোৱা নাই। ইফালে কমলাৰ এই কাম-কাজ এতিয়া মানি ল’ব বিচৰা নাই পলাশবাৰীৰ বিজেপি কৰ্মীয়ে। কোনো পধ্যেই তেওঁলোকে কমলা কলিতাক গ্ৰহণ নকৰে বুলি ইতিমধ্যে জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্ দাসক।