• Home
  • »
  • News
  • »
  • assam
  • »
  • সকলো আঞ্চলিক দলকে অগপৰ মজিয়ালৈ আহি নেতৃত্ব লোৱাৰ আহ্বান কমলা কলিতাৰ

সকলো আঞ্চলিক দলকে অগপৰ মজিয়ালৈ আহি নেতৃত্ব লোৱাৰ আহ্বান কমলা কলিতাৰ

কলিতাই কয় – ৰাইজৰ দল ৰাইজৰ কাষত নাই, অসম জাতীয় পৰিষদৰ নামহে শুনিছে অসম গণ পৰিষদে।

কলিতাই কয় – ৰাইজৰ দল ৰাইজৰ কাষত নাই, অসম জাতীয় পৰিষদৰ নামহে শুনিছে অসম গণ পৰিষদে।

কলিতাই কয় – ৰাইজৰ দল ৰাইজৰ কাষত নাই, অসম জাতীয় পৰিষদৰ নামহে শুনিছে অসম গণ পৰিষদে।

  • Share this:
অখিল গগৈৰ পৰা আৰম্ভ কৰি বহু আঞ্চলিকতাবাদী চিন্তাৰ নেতাক অগপৰ মজিয়ালৈ আহি নেতৃত্ব লোৱাৰ বাবে বহু আগতে আহ্বান জনাইছিল সাধাৰণ সম্পাদক কমলা কলিতাই। তাৰ পিছত জন্ম হোৱা ৰাইজৰ দল ৰাইজৰ কাষত নাই বুলি মন্তব্য কৰি অসম জাতীয় পৰিষদৰ দৰে জন্ম হোৱা আঞ্চলিক দলসমূহ কিছুদিন পিছত নোহোৱা হ’ব বুলি মন্তব্য কৰিলে কমলা কলিতাই। কলিতাই কয় – ৰাইজৰ দল ৰাইজৰ কাষত নাই, অসম জাতীয় পৰিষদৰ নামহে শুনিছে অসম গণ পৰিষদে।

সোমবাৰে পলাশবাৰী ৰামপুৰত অনুস্থিত হোৱা খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ শিপিনীৰ মাজত সূতা বিতৰণ অনুষ্ঠান উপস্থিত থাকি ব’ৰ্ডৰ অধ্যক্ষ কমলা কলিতাই অসমত আঞ্চলিক দল একমাত্ৰ অগপ‌ই বুলি মন্তব্য কৰিলে। আনহাতে, বৰ্তমানলৈ বিজেপি আৰু অগপৰ মিত্ৰতা বাহাল আছে আৰু সৰু সৰু আঞ্চলিক দলসমূহক মিত্ৰজোঁটত ৰখাটো বিজেপিৰ দায়িত্ব বুলি মন্তব্য কৰিলে অগপ ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমলা কলিতাই।
Published by:Sanjay Kumar Das
First published: