পুনৰ সংকটত অগপ নেতৃত্ব, ২৭ আগষ্টৰ অগপৰ নিৰ্বাচনত পুনৰবাৰ স্থগিতাদেশ আদালতৰ

News18 Assam | News18-Assam
Updated:September 8, 2020, 6:52 PM IST
পুনৰ সংকটত অগপ নেতৃত্ব, ২৭ আগষ্টৰ অগপৰ নিৰ্বাচনত পুনৰবাৰ স্থগিতাদেশ আদালতৰ
অগপৰ কেন্দ্ৰীয় সমিতিৰ একাদশ সাধাৰণ সভাখন যিহেতু স্থগিত হ’ল, সেয়ে উক্ত দিনা বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি নিৰ্বাচিত হোৱা অতুল বৰাৰ ক্ষেত্ৰতো স্থগিতাদেশ লাগিল।

অগপৰ কেন্দ্ৰীয় সমিতিৰ একাদশ সাধাৰণ সভাখন যিহেতু স্থগিত হ’ল, সেয়ে উক্ত দিনা বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি নিৰ্বাচিত হোৱা অতুল বৰাৰ ক্ষেত্ৰতো স্থগিতাদেশ লাগিল।

  • Share this:
পুনৰ সংকটত ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদৰ নেতৃত্ব। অসম গণ পৰিষদৰ ২৭ আগষ্টৰ সাধাৰণ পৰিষদৰ সভা আৰু সভাপতি নিৰ্বাচনত পুনৰবাৰ স্থগিতাদেশ জাৰি কৰিলে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে। ২৭ আগষ্টৰ নিৰ্দেশ পোৱাৰ পূৰ্বে অগপৰ সভা অনুষ্ঠিত হৈ গৈছিল যদিও উক্ত গুৰুত্বপূৰ্ণ সাধাৰণ পৰিষদৰ সভাৰ কাৰ্যক্ৰমণিকা সংৰক্ষণ কৰি ৰখাৰ নিৰ্দেশো দিছে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতে।

অগপৰ কেন্দ্ৰীয় সমিতিৰ একাদশ সাধাৰণ সভাখন যিহেতু স্থগিত হ’ল, সেয়ে উক্ত দিনা বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি নিৰ্বাচিত হোৱা অতুল বৰাৰ ক্ষেত্ৰতো স্থগিতাদেশ লাগিল। অসম গণ পৰিষদৰ নেতৃত্বৰ বিৰুদ্ধে দলৰেই তিনিগৰাকী নেতা ক্ৰমে জিতেন ডেকা, গিৰিণ তালুকদাৰ আৰু হেমেন লহকৰে দাখিল কৰা গোচৰৰ ভিত্তিতেই সত্ৰ ন্যায়াধীশে মঙলবাৰে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।
Published by: Sanjay Kumar Das
First published: September 8, 2020, 6:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading