অসম গণ পৰিষদৰ(অগপ) নগাঁও জিলা পৰিষদৰ এখন বিশেষ সাংগঠনিক সভা বৃহস্পতিবাৰ অৰ্থাৎ ১ ডিচেম্বৰত নগাঁও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয়। জিলা অগপৰ সভাপতি মনিমাধৱ মহন্তৰ সভপতিত্বত অনুষ্ঠিত সভাত অগপৰ সাধাৰণ সম্পাদক তথা ৰাজ্য সভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰি কয় যে অসম গণ পৰিষদে জন্ম লগ্নৰ পৰাই অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ হকে কাম কৰি আহিছে। অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি কোনো দিনেই আপোচ কৰা নাই আৰু ভৱিষ্যতেও নকৰোঁ। ভাষণ প্ৰসংগত বৈশ্যই কয় যে ১৯৮৫ চনৰ পৰা একেৰাহে তিনিবাৰকৈ নগাঁও লোকসভা সমষ্টিত অগপ প্ৰাৰ্থী জয়ী হৈছিল। এসময়ত নগাঁও অগপৰ দুৰ্গ আছিল। আমাক নগাঁও লোকসভা আসনখন লাগিব বুলি বৈশ্যই এক তাৎপৰ্যপূৰ্ণ ইংগিত দিয়ে। বৈশ্যই কয় ইয়াৰ বাবে আমি এতিয়াৰ পৰাই দলৰ সংগঠন শক্তিশালী কৰিব লাগিব। দল শক্তিশালী হ’লেহে আমাৰ দলীয় কৰ্মী সকলৰ আবেগ- অনুভুতি আৰু তেওঁলোকে বিচৰা বিষয় সমূহ নিশ্চিত ভাৱে সমাধান কৰিব পৰা যাব।
নগাঁও জিলা অগপৰ সভাপতি মনিমাধৱ মহন্তৰ সভপতিত্বত অনুষ্ঠিত সাংগঠনিক সভাখনত অংশ গ্ৰহণ কৰি অগপৰ জেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে অসম গণ পৰিষদে সদায়ে আঞ্চলিকতা বাদৰ সপেক্ষে কাম কৰি আহিছে। অসম গণ পৰিষদ ৰাইজৰ মৰমৰ দল আৰু ই এক অবিৰত যাত্ৰা। অসম আৰু অসমীয়াৰ স্বাৰ্থত কাম কৰাৰ বাবে অগপৰ বিকল্প নাই বুলিও বৰুৱাই মন্তব্য কৰে।
উল্লেখ্য যে, সভাত অগপৰ উপ সভাপতি বিষ্ণু প্ৰসাদ দাস, সম্পাদক অতুল কুমাৰ মেধি প্ৰাক্তন বিধায়ক মোবাৰক আলি পাঠান, অগপৰ মহিলা নেত্ৰী মামণি বৰা, অগপৰ ধৰ্মীয় সংখ্যালঘূ পৰিষদৰ মানিক হুছেইন, কৃষক পৰিষদৰ কুলেন বৰা, অগপৰ ৰাজ্যিক কাৰ্যনিৰ্বাক সদস্য পৰাণ গোঁহাঞি, ভাষিক সংখ্যালঘূ পৰিষদৰ সুজিত দাস আদিয়ে অংশগ্ৰহণ কৰে। অগপৰ জিলা সাধাৰণ সম্পাদক নিৰঞ্জন বৰাই উদ্দেশ্য বাখ্যা কৰা সভাখনৰ আতধৰে আন এজন সাধাৰণ সম্পাদক যতীন নাথে।
অগপৰ নগাঁও জিলা পৰিষদৰ অধীনস্থ জিলাখনৰ আঠটা বিধান পৰিষদ সমষ্টিৰ দলীয় কৰ্মী সকলে সভাত অংশগ্ৰহণ কৰে। সভাতেই জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ নিৰ্বাচনত জয়ী হোৱা অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ সদস্য সকলক সম্বৰ্ধনা জনোৱা হয়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাহয়। সভাত কেইবাগৰাকী তৃণমূল পৰ্য্যায়ৰ কৰ্মীয়ে কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিতেই অগপ বিজেপিৰ মিত্ৰ যোটত থকাৰ পিছতো অগপ কৰ্মী সকল বঞ্চিত হৈ আছে বুলি ক্ষোভ উজাৰে।
Published by: Sehnaz Begum
FIRST PUBLISHED : December 02, 2022, 15:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|