সদ্যসমাপ্ত টকিঅ' অলিম্পিক গেমছত ভাৰতীয় দলে এটা স্বৰ্ণ, ২ ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকেৰে শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰিছিল, য'ত আছিল অসমৰ বক্সাৰ লাভলীনা বৰগোহাঁই।
এই সফল ভাৰতীয় দলটোৰ চীফ দ্য মিছনৰ দায়িত্বত থকা ভাৰতীয় অলিম্পিক সন্থাৰ জ্যেষ্ঠ উপসভাপতি, দেশৰ বিশিষ্ট ক্ৰীড়া সংগঠক, অসম গণ পৰিষদ দলৰ ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক আজি দলৰ আমবাৰীস্থ মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়।
চীফ দ্য মিছনৰ দৰে সন্মানীয় দায়িত্বৰে টকিঅ' অলিম্পিকত বিশ্বৰ বুকুত ভাৰতবৰ্ষক উজলাই তোলা তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক অভিনন্দন জনায় অসম গণ পৰিষদৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা, দলৰ কাৰ্যকৰী সভাপতি তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰাক্তন মন্ত্ৰী–বিধায়ক ফণীভূষণ চৌধুৰীয়ে।
সম্বৰ্ধনা অনুষ্ঠানত দলৰ কেইবাগৰাকীও বিধায়ক প্ৰমুখ্যে উপসভাপতি, সাধাৰণ সম্পাদক, মুখপাত্ৰ, ভাতৃ সংগঠনৰ বিষয়ববীয়া তথা অন্যান্য জ্যেষ্ঠ নেতা উপস্থিত থাকে। সম্বৰ্ধনা গ্ৰহণ কৰি অভিভূত হৈ পৰে ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনৰ অধ্যক্ষৰ দায়িত্বত থকা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|