সংঘাত স্পষ্ট! অগপৰ কাৰ্যনিৰ্বাহকলৈ নামাতিলে প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী, পবিন্দ্ৰ ডেকাক

Source-Google
অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত একাদশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন অনুষ্ঠিত হ’ব বৃহস্পতিবাৰে।
- News18 Assam
- Last Updated: August 26, 2020, 11:08 PM IST

ইফালে কোৰোণা পজিটিভ হোৱাৰ বাবে সভাত উপস্থিত নাছিল বিধায়কদ্বয় ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু ভৱেন্দ্ৰ নাথ ভৰালী। শেহতীয়াকৈ পোৱা খবৰ অনুযায়ী, অগপৰ একাদশ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনত স্থগিতাদেশ জাৰি কৰিছে ছেচন আদালতে। অগপৰ পূৰ্বৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য, গিৰীণ তালুকদাৰ, জীতেন ডেকা, হেমেন লহকৰে আবেদন জনাইছিল আদালতত। অগপ দলৰ সংবিধান অৱমাননা কৰি অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা বুলি আবেদন কৰিছিল নেতাকেইজনে।